গুৱাহাটী, 21 আগষ্ট : নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিক লৈ আজি পুনৰ সৰৱ হৈ পৰে কৃষক মুক্তি সংগ্রাম সমিতি (KMSS reacts over price hike) । শনিবাৰে গুৱাহাটীৰ গান্ধীবস্তিস্থিত সংগঠনটোৰ কার্যালয়ত এখন সংবাদমেল সম্বোধন কৰি কৃষক মুক্তি সংগ্রাম সমিতিৰ কাৰ্যকৰী সভাপতি মুকুট ডেকা আৰু সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ।
তেওঁলোকে কয় যে, দেশৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে বৰ্তমানৰ বিজেপি চৰকাৰৰ কাৰ্যকালত জনসাধাৰণে এক সামাজিক আৰু অৰ্থনৈতিক সংকট আৰু গভীৰ অনিশ্চয়তাৰ সন্মুখীন হ’বলগীয়া হৈছে । দেশৰ ক্ষুদ্ৰ-মজলীয়া উদ্যোগী আৰু ব্যৱসায়ীসকলৰ অৱস্থা ক্রমান্বয়ে দেউলীয়া হৈ পৰিছে । চৌদিশে এক হতাশজনক পৰিস্থিতিয়ে সকলোকে ঘেৰি ধৰিছে ।
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ জনগণৰ প্ৰতি অসংবেদনশীলতা আৰু দায়িত্বজ্ঞান হীনতাৰ বাবেই ৰাইজে মূল্যবৃদ্ধিৰ অভাৱনীয় বোজা বহন কৰিবলগীয়া হৈছে বুলি তেওঁলোকে অভিযোগ কৰে । কৃষক মুক্তি সংগ্রাম সমিতিয়ে অতি শীঘ্ৰেই যোগান মন্ত্ৰী ৰণজিৎ দাসক অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থতা স্বীকাৰ কৰি দায়িত্বৰ পৰা পদত্যাগ কৰিবলৈ দাবী জনায় (KMSS demands resignation of Supply Minister) ।
তেওঁলোকে কয় যে, প্রতিবিধ খাদ্য বস্তু আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম ২০-৫০ ৰ পৰা ১০০ শতাংশতকৈ অধিক উর্ধগামী হোৱাৰ বাবে এতিয়া সাধাৰণ ৰাইজৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছে (Price hike of daily used goods)। দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত শ্রেণীৰ লোকসকলৰ বাবে সীমিত উপাৰ্জনৰ আয়েৰে দৈনিক অথবা মাহেকীয়া ন্যূনতম প্রয়োজনীয়তাখিনিও পূৰ্ণ কৰিব নোৱাৰা অৱস্থা হৈছে ।