গুৱাহাটী,11 ছেপ্তেম্বৰঃ ৰোগীক চিকিৎসা প্ৰদান কৰা হ'বনে নাই সেই কথা হিমন্ত বিশ্ব শৰ্মাক সুধি কৰা হ'ব নেকি ? অখিল গগৈৰ কোনো বেমাৰ নাই বুলি হিমন্তই কেনেকৈ জানিলে ? যদি অখিল গগৈৰ কোনো বেমাৰেই নাছিল তেন্তে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল কিয় ? শুকুৰবাৰে এক সংবাদমেলযোগে মন্ত্ৰী হিমন্তক এইদৰে ওভতি ধৰিলে কৃষক মুক্তিৰ সভাপতি ভাস্কো ডি শইকীয়াই। বৃহস্পতিবাৰে মন্ত্ৰী হিমন্তই সংবাদমাধ্যমৰ আগত অখিল গগৈৰ কোনো বেমাৰ নাই বুলি কোৱাৰ পাছতেই শুকুৰবাৰে সংবাদ মেলযোগে এই মন্তব্য কৰিলে কৃষক মুক্তিৰ সভাপতি গৰাকীয়ে।
বিজেপি চৰকাৰক উৎখাত কৰিবলৈ সাজু কৃষক মুক্তি সংগ্ৰাম সমিতি - জনতাৰ কণ্ঠ ৰোধ
হিমন্তক উভতি ধৰি কৃষক মুক্তিয়ে ক'লে,বেমাৰ নাছিল যদি অখিলক চিকিৎসাধীন কৰোৱা হৈছিল কিয় ? কৃষক মুক্তিৰ সভাপতি ভাস্কো ডি শইকীয়াই উভতি ধৰিলে হিমন্ত বিশ্ব শৰ্মাক ৷
![বিজেপি চৰকাৰক উৎখাত কৰিবলৈ সাজু কৃষক মুক্তি সংগ্ৰাম সমিতি kmss criticise bjp goverment and himanta biswa sharma](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8766914-736-8766914-1599834839311.jpg)
বিজেপি চৰকাৰক উৎখাত কৰিবলৈ সাজু কৃষক মুক্তি সংগ্ৰাম সমিতি
বিজেপি চৰকাৰক উৎখাত কৰিবলৈ সাজু কৃষক মুক্তি সংগ্ৰাম সমিতি
বিজেপি চৰকাৰক উৎখাত কৰিবলৈ সাজু কৃষক মুক্তি সংগ্ৰাম সমিতি
সমান্তৰাল ভাৱে অসমৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক পলাশ চাংমাইয়ে কৃষক মুক্তিৰ সন্দৰ্ভত কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কৃষক মুক্তিৰ সভাপতি গৰাকীয়ে । বৃহস্পতিবাৰে পলাশ চাংমাইয়ে কৃষক মুক্তিক সমালোচনা কৰি কৈছিল যে কৃষক মুক্তিয়ে অখিল গগৈক মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰি ঐক্যবদ্ধ দল গঠনৰ পৰিৱেশ বিনষ্ট কৰিছে ।
লগতে পঢ়কঃ আছুৱে ৰাজহুৱা কৰিলে পৰামৰ্শদাতা সমিতিৰ প্ৰতিবেদন