অসম

assam

ETV Bharat / state

আছুৰ সৈতে একেখন নাৱতে উঠি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ যো-জা কৃষক মুক্তিৰ - বিধানসভা নিৰ্বাচন

অখিল গগৈ কাৰাগাৰৰ পৰা মুকলি হৈ আহিলেই আনুষ্ঠানিকভাৱে সকলো কথা স্পষ্ট  কৰিব সংগঠনটোৱে । বি জে পি শাসনৰ ওৰ পেলাবলৈ ঐক্যবদ্ধ সংগ্ৰামত উঠি পৰি লাগিছে আঞ্চলিক দলসমূহ।

Kmss Assu story
আছুৰ সৈতে একেখন নাৱতে উঠি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ যো-জা কৃষক মুক্তিৰ

By

Published : Aug 29, 2020, 3:15 PM IST

গুৱাহাটী, 29 আগষ্টঃ আগন্তুক বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান মাহ বাকী । নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত উত্থান হৈছে ন ন আঞ্চলিক দল । সদৌ অসম ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দৰে সংগঠনেও বি জে পিক উৎখাত কৰিবলৈ ৰাজনীতিৰ পথাৰত ভৰি দিছে।

কাৰাৰুদ্ধ হৈ থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ মুকলি আকাশৰ তললৈ অহাৰ পিছত আনুষ্ঠানিকভাৱে ৰাজনৈতিক দল গঠনৰ কথা ঘোষণা হ'ব যদিও এতিয়াৰে পৰা সক্ৰিয়ভাৱে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে সংগঠনটোৰ আন সদস্যসকলে । ২০২১ত বি জে পিক গাদীচ্যুত কৰাবলৈ সদৌ অসম ছাত্ৰ সন্থাৰে মিত্ৰতা স্থাপনৰো ইংগিত দিছে কৃষক মুক্তিয়ে । শুক্ৰবাৰে লখিপুৰৰ এখন সভাত আগন্তুক নিৰ্বাচনত আছুৰ সৈতে ঐক্যবদ্ধ হৈ এখন মঞ্চ গঠন কৰাৰ কথা ঘোষণা কৰে কৃষক নেতা ধৈৰ্য কোঁৱৰে ।

অখিল গগৈ কাৰাগাৰৰ পৰা মুকলি হৈ আহিলেই আনুষ্ঠানিকভাৱে সকলো কথা স্পষ্ট কৰিব সংগঠনটোৱে । বি জে পি শাসনৰ ওৰ পেলাবলৈ ঐক্যবদ্ধ সংগ্ৰামত উঠি পৰি লাগিছে আঞ্চলিক দলসমূহ।

লগতে পঢ়ক:লামডিং ৰেলৱে' চিকিৎসালয়ত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি

ABOUT THE AUTHOR

...view details