গুৱাহাটী, ২০ জানুৱাৰী:কমতাপুৰলৈ এতিয়াও বহুদূৰ আছে নেকি...? স্বপ্নৰ পৰা বাস্তৱৰ কমতাপুৰলৈ অনিশ্চয়তাৰ যাত্ৰাত এতিয়াও বাকী আছে বহু বাট ৷ সম্প্ৰতি ৰাজ্যখনৰ অন্যতম আলোচিত বিষয় হৈছে জীৱন সিংহৰ আলোচনাৰ বাবে মূলসূঁতিলৈ আগমণ, কমতাপুৰ আৰু কেএলঅ’ৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ আলোচনা প্ৰক্ৰিয়া(Jiban Singha comes to peace talk) । কিন্তু আজিৰ দিনটোত সঁচাকৈয়ে দিল্লীত কমতাপুৰ ৰাজ্যৰ প্ৰসংগত আলোচনা চলি আছে নে ? কেন্দ্ৰীয় চৰকাৰে কেএলঅ’ৰ মুৰব্বী জীৱন সিংহক কিমান গুৰুত্ব সহকাৰে লৈছে ? জীৱন সিংহ সম্প্ৰতি আছে ক’ত ? দিল্লী নে অসমত ? এইবোৰ প্ৰশ্নই ব্যাপক চৰ্চা লাভ কৰিছে সমগ্ৰ অসমত ৷
ম্যানমাৰৰ অৰণ্যৰ পৰা কেএলঅ’ নেতা জীৱন সিংহ ভাৰতলৈ অহাৰ পিছত এতিয়া দিল্লীত বিভিন্ন পৰ্যায়ত কেএলঅ’ৰে আলোচনাৰ বাবে বৈঠক চলিছে ৷ জীৱন সিংহৰে নহয়, সংগঠনটোৰ একাংশ নেতাৰ সৈতে বিষয়া পৰ্যায়তে সীমাবদ্ধ হৈহে সম্প্ৰতি আলোচনা প্ৰক্ৰিয়া আগবাঢ়িছে ৷
কিন্তু আলোচনা প্ৰক্ৰিয়া যে দীঘল হ’ব তাৰ ইংগিত ইতিমধ্যে বিভিন্ন সূত্ৰৰ পৰা প্ৰকাশিত হৈছে । শুকুৰবাৰে নতুন দিল্লীৰ পৰা অসমত উপস্থিত হোৱা ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে শীঘ্ৰেই কেএলঅ’ৰে শান্তি চুক্তিৰ কথা ইতিমধ্যে প্ৰকাৰন্তে নস্যাৎ কৰিছে(Assam CM over KLO peace agreement) ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে, ১৫ আগষ্ট বা ২৬ জানুৱাৰী সন্মুখত ৰাখি এনে চুক্তি স্বাক্ষৰিত কৰা নহয় ৷ জীৱন সিংহই এতিয়া কিছুদিন জিৰণি ল’ব ৷ লাহেকৈ আলোচনা হ’ব কেন্দ্ৰীয় চৰকাৰৰ সৈতে ৷
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে বৃহস্পতিবাৰে সাংবাদিকৰ সন্মুখত দিল্লীত মন্তব্য কৰে, “কে এল অ’ আলোচনালৈ অহাটোৱেই ডাঙৰ কথা ৷ কিছুদিনলৈ ডাঙৰ খবৰ হৈ থাকিব ৷” অৰ্থাৎ আলোচনা প্ৰক্ৰিয়াই যে কিছু সময় ল’ব তাৰেই ইংগিত মুখ্যমন্ত্ৰীৰ মন্তব্যত । শান্তি আলোচনাৰ বিষয়টো মুখ্যমন্ত্ৰীৰ ওপৰত নিৰ্ভৰশীল নহয় যদিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যই বহু কথাৰে ইংগিত প্ৰদান কৰিলে ৷
মুখ্যমন্ত্ৰীৰ মন্তব্যৰ উপৰিও বাস্তৱিকতেই কে এল অ’ৰে গোটেই শান্তি আলোচনা প্ৰক্ৰিয়াটোৱেই দীঘলীয়া হোৱাৰ পথত ৷ কিয়নো কে এল অ’ৰে শান্তি চুক্তি খচৰাৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে প্ৰস্তাৱিত কমতাপুৰ প্ৰসংগত কেইবাখনো ৰাজ্যৰ লগত বিস্তৰ আলোচনাৰ প্ৰয়োজন আছে ৷ লগতে প্ৰয়োজন আছে কে এল অ’ই দাবী কৰি থকা অঞ্চলৰ সীমাৰ পৰিসৰত পৰা ৰাজ্যৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লগতো কেন্দ্ৰীয় চৰকাৰে আলোচনা কৰিব লাগিব ৷ সেই সূত্ৰে কেন্দ্ৰই অসম, পশ্চিমবংগ আৰু বিহাৰৰ চৰকাৰৰ সৈতেও সকলো দিশ সামৰি আলোচনাত বহিব লাগিব ৷
অৱশ্যে চলিত নীতি অনুসৰি সৰ্বপ্ৰথমে হ’ব কেন্দ্ৰীয় চৰকাৰ আৰু কে এল অ’ৰ মাজত যুদ্ধবিৰতি চুক্তি, তাৰ পিছত অস্ত্ৰ সম্বৰণ অনুষ্ঠান ৷ তাৰ পিছতহে আলোচনা প্ৰক্ৰিয়া আৰম্ভ হ’ব ৷ সেয়ে স্বাভাৱিকতেই কেন্দ্ৰীয় চৰকাৰ আৰু উগ্ৰবাদী সংগঠনটোৰ আলোচনা প্ৰক্ৰিয়া প্ৰকৃত ৰূপত আৰম্ভ হ’বলৈ যে যথেষ্ঠ সময় ল’ব সেয়া নিশ্চিত ৷ আনহাতে মাত্ৰ ৯ জন সদস্যক লগত লৈহে অৰণ্যৰ পৰা ওলাই আহিছে জীৱন সিংহ ৷ এতিয়াও অস্ত্ৰ-শস্ত্ৰসহ বহু সংখ্যক সদস্য আছে ম্যানমাৰৰ শিবিৰত ৷ সেয়ে প্ৰথমে অস্ত্ৰ সম্বৰণৰ বাবে যে কেন্দ্ৰীয় চৰকাৰে বিশেষভাৱে গুৰুত্ব দিহে পৰৱৰ্তী আলোচনাৰ পদক্ষেপলৈ আগবাঢ়িব পাৰিব ৷
কেন্দ্ৰীয় চৰকাৰে আন বিশেষ স্বাৰ্থ আগত ৰাখিহে যদি জীৱন সিংহৰ সৈতে আলোচনাৰ বিশেষ পদক্ষেপ হাতত লৈছে তেতিয়াহে হয়তো সকলো নিয়ম এৰি আলোচনা দ্ৰুত গতিত আগবঢ়াৰ সম্ভাৱনা আছে ৷ কিয়নো বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ে বহুদিনৰ পৰাই পশ্চিমবংগৰ বিভাজন ঘটাই উত্তৰবংগৰ ৬ খন জিলা পৃথক কমতাপুৰ কেন্দ্ৰীয় শাসিত অঞ্চল গঠনৰ পৰিকল্পনা কৰি আহিছিল ৷ এই স্বাৰ্থতহে কেন্দ্ৰৰ ওচৰত জীৱন সিংহৰ গুৰুত্ব আছে বুলি চৰ্চিত হৈছে ৷ এনে পৰিস্থিতিত কে এল অ’ৰ মূল প্ৰস্তাৱ আৰু জীৱন সিংহৰ দাবীৰ প্ৰতি কেন্দ্ৰই কিমান গুৰুত্ব দিব সেয়া লক্ষণীয় হ’ব ৷ সেয়ে এতিয়া প্ৰশ্নৰ উদ্বেগ ঘটিছে কেন্দ্ৰীয় চৰকাৰে কিমান গুৰুত্ব সহকাৰে লৈছে জীৱন সিংহক ?
লগতে পঢ়ক:KLO peace agreement: ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কেন্দ্ৰীয় গৃহ সচিব আৰু চোৰাংচোৱা ব্যুৰোৰ সঞ্চালকৰে আলোচনা