গুৱাহাটী, ২৬ মাৰ্চ: কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অৰূপজ্যোতি চৌধুৰী আৰু অধ্যাপক মৃদুল হাজৰিকাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম তৃণমূল যুৱ কংগ্ৰেছৰ(Assam Trinamool Youth Congress) সভাপতি বন্দীপ দত্তই । অৰূপজ্যোতি চৌধুৰীয়ে চাকৰিৰ নিৰ্দিষ্ট বয়সৰ উৰ্ধসীমা ৬০ বছৰ বয়স অতিক্ৰম কৰাৰ পাছতো কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ পদত অধিষ্ঠিত হৈ থকা বুলি দেওবাৰে দিছপুৰ প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত অভিযোগ উত্থাপন কৰে দত্তই(Working even after certain age of service) ।
২০২১ চনৰ ২৮ ডিচেম্বৰতে চৌধুৰীৰ ৬০ বছৰ সম্পূৰ্ণ হোৱা বুলি সংবাদমেলত তথ্য দাঙি ধৰে অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে(Complaint against KKSHOU Registrar) । সংবাদমেলত দত্তই বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা সদস্য হিচাপে থকা ব'ৰ্ড অৱ মেনেজমেন্টৰ ৫১ নং বৈঠকত নিয়মবহিঃৰ্ভূত সিদ্ধান্ত গ্ৰহণ কৰি পঞ্জীয়ক অৰূপজ্যোতি চৌধুৰীক ২০২৩ চনৰ আগষ্ট মাহলৈ কাৰ্যনিৰ্বাহ কৰি যোৱাৰ অনুমতি প্ৰদান কৰাৰ প্ৰসংগ উত্থাপন কৰি অতি কঠোৰ ভাষাৰে সমালোচনা কৰে(KKSHOU controversy) ।