গুৱাহাটী, ২৯ অক্টোবৰ:শনিবাৰেচান্দমাৰী অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ সমীপৰ নলাত এটা বস্তাৰ ভিতৰত উদ্ধাৰ কৰা হৈছিল এগৰাকী কিন্নৰৰ মৃতদেহ । স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে চানমাৰি আৰক্ষীক । পিচত ঘটনাস্থলীত চানমাৰি আৰক্ষী আৰু চি আই ডিৰ ফৰেনচিকৰ দলে স্নিফাৰ ডগক লৈ উপস্থিত হৈ আৰম্ভ কৰে তদন্ত । উদ্ধাৰ হোৱা বস্তাটো খুলি কিন্নৰৰ মৃতদেহ বুলি আৰক্ষী নিশ্চিত কৰে ।
ৰঙা ৰঙৰ মেক্সি পৰিধান কৰা কিন্নৰগৰাকীক ধৰ্ষণ কৰি চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰা বুলি আৰক্ষীয়ে সন্দেহ কৰিছিল । মৃত কিন্নৰ গৰাকীৰ বয়স প্ৰায় ৩৫-৪০ বছৰ । মৃত কিন্নৰগৰাকীক দুৰ্বৃত্তই অন্য স্থানত হত্যা কৰি চান্দমাৰীত পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে । ইয়াৰ পিচতে কিন্নৰগৰাকীৰ হত্যাকাণ্ডৰ তদন্ত অব্যাহত ৰাখিছে চান্দমাৰী আৰক্ষীয়ে ।
সম্প্ৰতি আৰক্ষীৰ হাতত আহি পৰিছে CCTV ভিজুৱেল । চিচিটিভি ভিজুৱেল অনুসৰি এখন স্কুটীৰে দুজন লোকে লৈ আহিছিল কিন্নৰগৰাকীৰ মৃতদেহটো । মৃতদেহটো পেলোৱাৰ পূৰ্বে সেই দুজন লোকে বহু সময় চাইছিল চাৰিওদিশ । কোনো নথকাৰ সুযোগ লৈ মৃতদেহটো পেলাই দিছিল নলাত । নিশা প্ৰায় ১২ বজাত পেলাই দিছিল মৃতদেহটো । বৰ্তমান মৃতদেহ পেলাই দিয়া দুজন লোকৰ সন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে ।