অসম

assam

ETV Bharat / state

Bhutan King Assam Visit : দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব ভূটানৰ ৰজা - ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুক

শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ আহিব ভূটানৰ ৰজা ৷ গুৱাহাটীত প্ৰথম দিনটো অতিবাহিত কৰাৰ পাচত তেওঁ যাব কাজিৰঙালৈ ৷ তাৰ পৰা ৰজা যাব যোৰহাটলৈ ।

Bhutan King Assam Visit
অসমলৈ আহিব ভূটানৰ ৰজা

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 5:51 PM IST

Updated : Nov 2, 2023, 7:04 PM IST

গুৱাহাটী, ২ নৱেম্বৰ : ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকে শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ আহিব । ভ্ৰমণকালত তেওঁ ৰাজ্যৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব । বিভিন্ন ব্যস্ততাৰ সৈতে গুৱাহাটীৰ প্ৰথম দিনটো অতিবাহিত কৰাৰ পাচত তেওঁ শনিবাৰে কাজিৰঙালৈ যাব । তাৰ পৰা তেওঁ যোৰহাটলৈ যাব ।

যোৰহাটত ৰজাই এটা ৰাতি কটাব আৰু তাৰ পাচত ভাৰত ভ্ৰমণৰ পৰৱৰ্তী পৰ্যায়ৰ বাবে দেওবাৰে যোৰহাটৰ পৰা নতুন দিল্লীলৈ যাব । চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে ৰজা আৰু ভূটান চৰকাৰৰ শীৰ্ষ বিষয়াসকল শুকুৰবাৰে দুপৰীয়া এক বিশেষ বিমানযোগে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হ'ব । তেওঁ প্ৰথমে নীলাচল পাহাৰস্থিত কামাখ্যা মন্দিৰ পৰিদৰ্শন কৰিব আৰু তাৰ পাচত চহৰৰ এখন হোটেলত ভূটানী সম্প্ৰদায়ৰ লোকসকলৰ সৈতে মত-বিনিময় কৰিব । নিশা তেওঁ তাতে কটাব ।

ৰজাই শুকুৰবাৰে অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই তেওঁৰ সন্মানত ৰাজভৱনত আয়োজন কৰা নৈশ ভোজত অংশগ্ৰহণ কৰিব আৰু পাচদিনা পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ বাবে যোৰহাটলৈ উৰা মাৰিব । ইপিনে ভূটান ইণ্ডিয়া ফ্ৰেণ্ডশ্বিপ এছ’চিয়েশ্যনৰ উপ-সভাপতি দাছো চেৰিং ৱাংডাই বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত কলকাতাত সদৰী কৰা‌ মতে ভূটানৰ ৰজাৰ অসমলৈ এয়া ঐতিহাসিক ৰাজ্যিক ভ্ৰমণ ।

ভূটানৰ ৰজাৰ ভ্ৰমণে ভূটান আৰু ভাৰতৰ মাজত জনসাধাৰণৰ সদিচ্ছা বৃদ্ধি কৰিব, বন্ধুত্ব শক্তিশালী কৰিব আৰু অঞ্চলটোত অভূতপূৰ্ব শান্তি নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে অসম আৰু ভাৰতৰ সৈতে সংহতি প্ৰদৰ্শন কৰিব । তেওঁ বহু শতিকা ধৰি চলি থকা ভাৰত আৰু ভূটানৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ কথা উল্লেখ কৰে ।

ইপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে কয় যে দুয়োখন দেশৰ মাজত এক অনন্য সম্পৰ্ক আছে যি সময় বাগৰাৰ লগে লগে অধিক শক্তিশালী হৈছে । ড৹ শৰ্মাই কয় যে ৰাজ্যখনলৈ প্ৰথমবাৰৰ বাবে অহা ৰজাক আদৰণি জনাবলৈ অসমৰ জনসাধাৰণ আগ্ৰহেৰে অপেক্ষা কৰি আছে ।

" ভাৰত আৰু ভূটানৰ মাজত এক অনন্য সম্পৰ্ক আছে যি সময়ৰ লগেলগে শক্তিশালী হৈ আহিছে । বহু শতিকা ধৰি জ্ঞান আৰু শিক্ষা এই বিশেষ বান্ধোনৰ কেন্দ্ৰবিন্দু হৈ আহিছে", মুখ্যমন্ত্ৰীগৰাকীয়ে এক্সত (টুইটাৰ) এই কথা প্ৰকাশ‌ কৰে । শৰ্মাই লগতে কয়, "কাইলৈ আমি অসমত, ভূটানৰ ৰজা মহামান্যক আমাৰ ৰাজ্যলৈ তেওঁৰ প্ৰথম চৰকাৰী ভ্ৰমণত আদৰণি জনাবলৈ আগ্ৰহেৰে অপেক্ষা কৰিছোঁ ৷"

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই ভ্ৰমণে দুয়োখন দেশৰ মাজত বন্ধুত্ব অধিক গভীৰ কৰি তুলিব ৷ উল্লেখ্য, ৰয়েল ভূটানৰ ৰাষ্ট্ৰদূত মেজৰ জেনেৰেল ভেটছপ নামগিয়েলে ৰাজ্যখনলৈ ৰজাৰ ভ্ৰমণৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰিছিল ।

লগতে পঢ়ক :Eviction notice at Darangamela:ভাৰত ভূটান সীমান্তৱৰ্তী দৰঙামেলাত বন বিভাগৰ উচ্ছেদৰ জাননী

Last Updated : Nov 2, 2023, 7:04 PM IST

ABOUT THE AUTHOR

...view details