অসম

assam

ETV Bharat / state

Kidnapping Case at Dispur: অপহৰণ নে আটক, দিছপুৰ অপহৰণ কাণ্ডত ৰহস্য - sensational kidnapping case in Guwahati

দিছপুৰৰ অপহৰণ কাণ্ডৰ এতিয়াও ৰহস্যৰ অন্ত পৰা নাই । প্ৰকৃততে এই কাণ্ড অপহৰণ নে আৰক্ষীয়ে আটক কৰিছে সেই সন্দৰ্ভত এতিয়াও স্পষ্ট হোৱা নাই । আনহাতে, শেহতীয়াভাৱে কোকৰাঝাৰ আৰক্ষীয়ে কেএলঅ'ৰ লগত জড়িত থকাৰ সন্দেহত ধুবুৰীৰ (kidnapping case in Dispur Guwahati) শান্তনু মহন ৰায় নামৰ ব্যক্তিজনক আটক কৰা বুলি ওলোৱা খবৰৰো কোনো স্পষ্টীকৰণ প্ৰকাশ কৰা নাই আৰক্ষীৰ তৰফৰ পৰা ।

Etv Bharat
Etv Bharat

By

Published : May 3, 2023, 1:48 PM IST

Updated : May 3, 2023, 4:43 PM IST

দিছপুৰ অপহৰণ কাণ্ডত ৰহস্য

গুৱাহাটী, ৩ মে : ৰাজ্যৰ ৰাজধানী চহৰত সংঘটিত চাঞ্চল্যকৰ ঘটনাৰ নতুন মোৰ (sensational incident in Dispur) । উল্লেখ্য, পূৰ্বতে দিছপুৰৰ মিনিষ্টাৰ কল'নীত এক চাঞ্চল্যকৰ অপহৰণৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছিল (sensational kidnapping case in Guwahati) । আৰক্ষীৰ পোছাকত অহা দুজন ব্যক্তি আৰু তেওঁলোকৰ সৈতে সাধাৰণ পোছাকত অহা আন দুজনে মিলি অপহৰণ কৰে এজন লোকক । এই অপহৃত লোকজনৰ নাম শান্তনু মহন ৰায় বুলি জানিব পৰা গৈছে (kidnapping case at Dispur) ।

জানিব পৰা মতে, শান্তনু মহন ৰায়ৰ ঘৰ ধুবুৰীত । মিনিষ্টাৰ কল'নীত ইলেকট্ৰিচিয়ানৰ কাম কৰি আছিল শান্তনুৱে । আনহাতে, অপহৰণৰ ঘটনাৰ সময়ত শান্তনুৰ সৈতে উপস্থিত আছিল দিলীপ ৰায় আৰু প্ৰণৱ চন্দ্ৰ ৰায় নামৰ আন দুজন ব্যক্তি । এইকেইজন ব্যক্তিৰ সন্মুখৰ পৰাই অপহৰণকাৰীয়ে অপহৰণ কৰি লৈ যায় শান্তনুক ।

উল্লেখ্য যে ৩৫ বছৰীয়া শান্তনু ৰায়ে দীৰ্ঘদিন ধৰি মিনিষ্টাৰ কল'নীত ইলেকট্ৰিচিয়ান হিচাপে কাম কৰি আছিল । ঘটনাৰ বিৱৰণী মতে, মঙলবাৰৰ দিনটোত শান্তনুৱে মিনিষ্টাৰ কল'নীত কাম কৰি আছিল । তেনে সময়তে আৰক্ষীৰ পোছাকত অহা দুজন লোক আৰু সাধাৰণ পোছাকত অহা আন দুজনমান লোকে অপহৰণ কৰি নিয়ে শান্তনুক । দিলীপ ৰায় আৰু প্ৰণৱ চন্দ্ৰ ৰয় নামৰ দুজন সহকৰ্মীৰ সন্মুখৰ পৰাই লৈ যায় শান্তনুক । লগে লগে সহকৰ্মী দুজনে পৰিয়ালৰ লোকক ঘটনা সম্পৰ্কে জনায় ।

আনহাতে, অপহৃত শান্তনুৰ মাতৃয়ে এসময়ত অধিবক্তা জগদীশ গগৈৰ ঘৰত কাম কৰিছিল । পুত্ৰৰ অপহৰণৰ সমগ্ৰ ঘটনা মাতৃয়ে অধিবক্তা জগদীশ গগৈক জনায় । অধিবক্তা জগদীশ গগৈয়ে বুধবাৰে সমগ্ৰ ঘটনা সংবাদ মাধ্যমৰ আগত বিৱৰি কয় । জগদীশ গগৈয়ে জনোৱা মতে, এই ঘটনাৰ লগত প্ৰকৃততে কোন জড়িত হৈ আছে আৰু এয়া অপহৰণ কাণ্ড নে আৰক্ষীয়ে আটক কৰিছে সেয়া এতিয়াও নিশ্চিত হ'ব পৰা নাই ।

কিয়নো শান্তনুক আটক কৰা বুলি এক বিশেষ সূত্ৰে অৱগত হোৱাৰ পিছত দিছপুৰ থানা, কোকৰাঝাৰা থানা তথা সংশ্লিষ্ট সকলো পক্ষৰ লগত যোগাযোগ কৰা হৈছে যদিও কোনোৱে এই সন্দৰ্ভত একো সদুত্তৰ দিব পৰা নাই । আনহাতে, কোকৰাঝাৰ আৰক্ষীৰ তৰফৰ পৰাও এই বিষয়ত কোনো তথ্য প্ৰকাশ কৰা নাই । ফলত ঘটনাটো বৰ্তমান ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে ।

লগতে পঢ়ক :MP Ajit Bhuyan case : অজিত ভূঞাৰ সাংসদ পুঁজিৰ কেলেংকাৰী; ১৪ অভিযুক্ত গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা

Last Updated : May 3, 2023, 4:43 PM IST

ABOUT THE AUTHOR

...view details