অসম

assam

By

Published : Apr 18, 2023, 2:23 PM IST

ETV Bharat / state

Kidnaped Businessman Rescued : ডিমাপুৰৰ দুই অপহৃত ব্যৱসায়ীক হাতীগাঁৱত উদ্ধাৰ, পলাতক অপহৰণকাৰী

হাতীগাঁৱৰ পৰা উদ্ধাৰ ডিমাপুৰৰ দুই অপহৃত ব্যৱসায়ী । কানহায়া সিং আৰু উত্তম জয়ছোৱালক অপহৰণ কৰি নিজৰ ঘৰত বন্দী কৰি ৰাখিছিল হাতীগাঁৱৰ ফাৰুক আহমেদে (kidnapped businessman rescued from Hatigaon Guwahati) । হাতীগাঁৱৰ হাউছফেডৰ পৰা মহানগৰ আৰক্ষীয়ে উদ্ধাৰ কৰে দুই অপহৃত ব্যক্তিক । অপহৰণকাৰী ফাৰুক আহমেদ পলাতক ।

Kidnaped Businessman Rescued
হাতীগাঁৱৰ পৰা উদ্ধাৰ ডিমাপুৰৰ দুই অপহৃত ব্যৱসায়ী

গুৱাহাটী, ১৮ এপ্ৰিল : ক্ৰমাৎ অপৰাধ নগৰী হিচাপে পৰিগণিত হৈ পৰিছে গুৱাহাটী মহানগৰী (crime in Guwahati city) । আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ মহানগৰীত নিতৌ সংঘটিত হৈ আহিছে এটাৰ পিছত আন এটা অপৰাধ । বিভিন্ন নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ লগতে হত্যা, হিংসা, চুৰি, ডকাইতি, অপহৰণৰ উপৰি অনেক অপৰাধ সংঘটিত হৈ আছে এইখন মহানগৰত । পহিলা ব'হাগৰ দিনটোত মহানগৰীৰ কেইবাটাও হিংসাত্মক ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই শেহতীয়াকৈ মহানগৰীত আন এক অপহৰণৰ ঘটনা পোহৰলৈ আহিছে (kidnapping case in Guwahati) ।

নাগালেণ্ডৰ ডিমাপুৰৰ ২ ব্যৱসায়ীক অপহৰণ কৰি মুক্তিপণ হিচাপে বিচাৰিছিল ১০ লাখ টকাৰ (two businessman from Nagaland kidnapped) । জানিব পৰা মতে, ১৪ এপ্ৰিলৰ গৰুবিহুৰ দিনাখন সংঘটিত হৈছিল এই অপহৰণৰ ঘটনা । ডিমাপুৰৰ দুই ব্যৱসায়ী ক্ৰমে কানহায়া সিং আৰু উত্তম জয়ছোৱাল ব্যৱসায়িক সূত্ৰে মহানগৰীলৈ আহিছিল । ব্যৱসায়ী দুজনে গুৱাহাটী ৰে'ল ষ্টেচন পোৱাৰ পিছতে হাতীগাঁৱৰ ফাৰুক আহমেদ নামৰ ব্যক্তিজনে আশ্ৰয় দিম বুলি হাতীগাঁৱৰ হাউছফেড ৰোডলৈ অপহৰণ কৰি লৈ আহিছিল ।

অপহৰণ কৰি নি হাতীগাঁৱৰ এটা বাসগৃহত আবদ্ধ কৰি ৰাখি মাৰধৰ আৰম্ভ কৰে । লগতে মাৰধৰ কৰা ভিডিঅ' ৰেকৰ্ডিং কৰে মোবাইলত । সেই ভিডিঅ' পৰিয়ালৰ লোকক প্ৰেৰণ কৰি অপহৰণৰ খবৰ দিছিল (kidnapped businessman rescued from Hatigaon Guwahati) । আৰু মুক্তিপণ হিচাপে ১০ লাখ টকা দাবী কৰিছিল । উল্লেখ্য, অপহৃত দুই ব্যৱসায়ী ব্যৱসায়িক সূত্ৰে ডিমাপুৰত থাকে যদিও প্ৰকৃত ঘৰ বিহাৰত । পৰিয়ালৰ লোকে অপহৰণৰ খবৰ লাভ কৰাৰ লগে লগে মহানগৰ আৰক্ষীক খবৰ দিয়ে । মহানগৰ আৰক্ষীয়ে সোমবাৰে নিশা ফোন ট্ৰেকিঙৰ সহায়ত হাতীগাঁৱৰ হাউছফেড ৰোডত অভিযান চলাই দুই ব্যৱসায়ীক উদ্ধাৰ কৰে ।

অপহৃত দুই ব্যৱসায়ীক উদ্ধাৰ কৰে যদিও অপহৰণকাৰী ফাৰুক আহমেদ পলাই যাবলৈ সক্ষম হয় । অভিযানকাৰী আৰক্ষীয়ে ফাৰুক আহমেদৰ পত্নীক সোধা-পোছাৰ বাবে আটক কৰিছে । উল্লেখযোগ্য যে ফাৰুক আহমেদ এগৰাকী ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত লোক । পূৰ্বতেও ড্ৰাগছ সৰবৰাহৰ অভিযোগত অভিযুক্ত হৈ জে'লৰ ভাত খাবলগীয়া হৈছিল । ড্ৰাগছ ব্যৱসায়ী ফাৰুক আহমেদে ডিমাপুৰৰ এই দুই ব্যৱসায়ীক কেনেকৈ চিনি পায় বা কি উদ্দেশ্যত অপহৰণৰ কৰিছিল এতিয়ালৈকে জানিব পৰা হোৱা নাই ।

ABOUT THE AUTHOR

...view details