অসম

assam

ETV Bharat / state

প্ৰস্তুতি সম্পূৰ্ণ হৈছে খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহৰ - কেন্দ্ৰীয় শাসিত অঞ্চল

10 জানুৱাৰীৰ পৰা 12 জানুৱাৰীলৈ অনুষ্ঠিত হ'ব লগীয়া খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি সম্পূৰ্ণ ৷ সমাৰোহ উপলক্ষে অংশগ্ৰহণ কৰা খেলুৱৈ তথা অতিথিসকলক সৰ্বতোপ্ৰকাৰে সহায় কৰিবলৈ স্বেচ্ছাসেৱক সকলক আহ্বান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷

খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহ
খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহ

By

Published : Jan 9, 2020, 9:12 AM IST

Updated : Jan 9, 2020, 10:31 AM IST

গুৱাহাটী, 9 জানুৱাৰী:ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈছে অহা 10 জানুৱাৰীৰ পৰা 12 জানুৱাৰীলৈ অনুষ্ঠিত হ'ব লগীয়া খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহৰ ৷ দেশৰ 28 খন ৰাজ্য আৰু 9 খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ দহ হাজাৰ খেলুৱৈ আৰু কৰ্মকৰ্তাই অংশ ল'ব এই ক্ৰীড়া সমাৰোহত ৷ ইয়াৰ ভিতৰত থাকিব অসমৰ 650 গৰাকী খেলুৱৈ আৰু 1000 গৰাকী স্বেচ্ছাসেৱক ৷ বুধবাৰে স্বেচ্ছাসেৱক সকলৰ লগত মত বিনিময় কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ সমাৰোহত অংশগ্ৰহণ কৰা খেলুৱৈ তথা অতিথিসকলক সৰ্বতোপ্ৰকাৰে সহায় কৰিবলৈ স্বেচ্ছাসেৱক সকলক আহ্বান জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ 20 টাকৈ ভিন্ন পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া এই সমাৰোহে উঠি অহা প্ৰজন্মৰ বাবে এক শুভ বাৰ্তা কঢ়িয়াই অনাৰ লগতে অসমৰ ৰাইজৰ সহযোগত এই সমাৰোহখনি সাফল্যমণ্ডিত কৰিব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

প্ৰস্তুতি সম্পূৰ্ণ, খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহৰ

উল্লেখযোগ্য যে 10 তাৰিখে গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত থকাৰ কথা আছিল যদিও,নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ প্ৰতি লক্ষ্য ৰাখি এই ভ্ৰমণ বাতিল কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক:ডিফুত উন্মোচন 11খনকৈ গ্ৰন্থ

Last Updated : Jan 9, 2020, 10:31 AM IST

ABOUT THE AUTHOR

...view details