অসম

assam

ETV Bharat / state

গণৰাজ্য দিৱসৰ বাবে সাজু গুৱাহাটী জিলা প্ৰশাসন - 71 Republic Day

গণৰাজ্য দিৱসৰ বাবে সাজু কৰি তোলা হৈছে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ ৷ বিশেষ দিনটিলৈ মাজত আৰু কেইটামান ঘণ্টা বাকী থকা অৱস্থাত বোমা নিৰীক্ষণ যন্ত্ৰ আৰু প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰৰ সহায়ত খেলপথাৰখন তন্ন তন্নকৈ নিৰীক্ষণ কৰা হয় । মহানগৰীৰ খানাপাৰাত অপ্ৰীতিকৰ ঘটনা সংঘটিত নহ’বলৈ সকলো দিশ নিজে তদাৰক কৰিছে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে ৷

গুৱাহাটী
প্ৰস্তুতি তুংগত

By

Published : Jan 25, 2020, 7:56 PM IST

গুৱাহাটী,25 জানুৱাৰীঃ 71 সংখ্যক গণৰাজ্য দিৱসৰ বাবে সাজু কৰি তোলা হৈছে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ । গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত কোনোধৰণৰ যাতে কূটাঘাতমূলক ঘটনা সংঘটিত নহয়, তাৰবাবে কটকটীয়া কৰি তোলা হৈছে ৰাজ্যৰ নিৰাপত্তা ব্যৱস্থা । বিশেষ দিনটিলৈ মাজত আৰু কেইটামান ঘণ্টা বাকী থকা অৱস্থাত বোমা নিৰীক্ষণ যন্ত্ৰ আৰু প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰৰ সহায়ত খেলপথাৰখন তন্ন তন্নকৈ নিৰীক্ষণ কৰা হয় ।

প্ৰস্তুতি তুংগত

সুসজ্জিতভাৱে সজাই তোলা খেলপথাৰখন শনিবাৰে নিৰীক্ষণ কৰি কামৰূপ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে কয়,অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে দেওবাৰে পুৱা 9 বজাৰ লগে লগে পতাকা উত্তোলনেৰে গণৰাজ্য দিৱসৰ বাৰেৰহনীয়া কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব ৷ নিৰাপত্তাৰ প্ৰসংগত উপাযুক্ত গৰাকীয়ে পানী নসৰকা নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে বুলি উল্লেখ কৰে ৷ মহানগৰীৰ খানাপাৰাত অপ্ৰীতিকৰ ঘটনা সংঘটিত নহ’বলৈ সকলো দিশ এতিয়া এনেদৰে নিজে তদাৰক কৰিছে জিলা উপায়ুক্ত গৰাকীয়ে ৷

লগতে চাওকঃপ্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত বাইহাটাত চলিছে ব্যাপক দুৰ্নীতি

ABOUT THE AUTHOR

...view details