অসম

assam

ETV Bharat / state

তিনিস্তৰীয় সুৰক্ষা ব্যৱস্থাৰে গণতন্ত্ৰ দিৱসৰ আয়োজন খানপাৰাত - গণতন্ত্ৰ দিৱসৰ আয়োজন খানপাৰাত

23 আৰু 24 জানুৱাৰীত অনুশীলন কৰি ভাৰতীয় বায়ু সেনাৰ দলে গণতন্ত্ৰ দিৱসৰ দিনা জাতীয় পতাকা উত্তোলন কৰাৰ সময়তে গোলাপ ফুলেৰে পুষ্প বৰ্ষ কৰিব ৷ গণতন্ত্ৰ দিৱসৰ দিনা এম্বুলেঞ্চ, অগ্নি নিৰ্বাপক বাহিনীৰ লগতে চিকিৎসাৰ উপযুক্ত ব্যৱস্থা কৰা হৈছে ৷ আনহাতে উক্ত দিনটোত খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰলৈ অসম ৰাজ্যিক পৰিবহন বিভাগে বিনামুলীয়া বাছ সেৱা আগবঢ়াব ৷ লগতে আয়োজনস্থলীত বিশেষভাৱে সক্ষম লোকসকলৰ বাবে হুইল চেয়াৰৰ ব্যৱস্থা কৰা হ'ব ৷

KHANAPARA INDEPEDANCE DAY PREPARATION
তিনিস্তৰীয় সুৰক্ষা ব্যৱস্থাৰে গণতন্ত্ৰ দিৱসৰ আয়োজন খানপাৰাত

By

Published : Jan 21, 2020, 5:25 PM IST

খানাপাৰা,21 জানুৱাৰীঃসমাগত গণতন্ত্ৰ দিৱস ৷ গণতন্ত্ৰ দিৱসৰ বাবে ইতিমধ্যে প্ৰস্তুত কৰি তোলা হৈছে খানাপাৰস্থিত পশু চিকিৎসালয় মহাবিদ্যালয়ৰ খেলপথাৰ ৷ তিনিতৰপীয়া সুৰক্ষা ব্যৱস্থাৰে এইবাৰ গণতন্ত্ৰ দিৱসৰ আয়োজন কৰা হৈছে খানাপাৰাত ৷ গণতন্ত্ৰ দিৱসৰ আয়োজন সম্পৰ্কে কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিত পেগুয়ে জিলা উপায়ুক্ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত মঙ্গলবাৰে এক সংবাদমেল অনুষ্ঠিত কৰি কয় যে, বিগত এমাহ ধৰি খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত কটকটীয়া নিৰাপত্তাৰ মাজৰে গণতন্ত্ৰ দিৱসৰ আয়োজনৰ কাম চলি আছে । পেৰেডৰ বাবে স্কুল কলেজৰ ছাত্র-ছাত্রী সকল ইমানদিনে নিজৰ নিজৰ স্কুল কলেজত অনুশীলন কৰি আহিছিল যদিও সোমবাৰৰ পৰা খানাপাৰাত সমূহীয়াভাৱে অনুশীলন আৰম্ভ কৰিছে । এইবাৰ গণতন্ত্ৰ দিৱসৰ দিনা অসম ৰাইফলছৰ দলে পেৰেডৰ লিড ল'ব য'ত, চিআৰপিঅফ, চিএইএছঅফ, বিএছঅফ, অৰ্ধ সামৰিক দল, অসম আৰক্ষী, মহানগৰ যান-বাহন আৰক্ষী, এপিআৰও , এনচিচি, স্কাউড-গাইড আদিয়েও অংশগ্ৰহণ কৰিব । সুৰক্ষা ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি খেলপথাৰৰ চাৰিওফালে চিচিটিভি কেমেৰা সংস্থাপন কৰা হৈছে ।

উপায়ুক্ত বিশ্বজিত পেগুৰ সংবাদমেল
উপায়ুক্ত বিশ্বজিত পেগুৰ সংবাদমেল

উল্লেখ্য যে, 23 আৰু 24 জানুৱাৰীত অনুশীলন কৰি ভাৰতীয় বায়ু সেনাৰ দলে গণতন্ত্ৰ দিৱসৰ দিনা জাতীয় পতাকা উত্তোলন কৰাৰ সময়তে গোলাপ ফুলেৰে পুষ্প বৰ্ষ কৰিব ৷ গণতন্ত্ৰ দিৱসৰ দিনা এম্বুলেঞ্চ, অগ্নি নিৰ্বাপক বাহিনীৰ লগতে চিকিৎসাৰ উপযুক্ত ব্যৱস্থা কৰা হৈছে ৷ আনহাতে উক্ত দিনটোত খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰলৈ অসম ৰাজ্যিক পৰিবহন বিভাগে বিনামুলীয়া বাছ সেৱা আগবঢ়াব ৷ লগতে আয়োজনস্থলীত বিশেষভাৱে সক্ষম লোকসকলৰ বাবে হুইল চেয়াৰৰ ব্যৱস্থা কৰা হ'ব ৷ ইয়াৰ উপৰিও ভিআইপি, ভিভিআইপি, জ্যেষ্ঠ নাগৰিক, জ্যেষ্ঠ সাংবাদিক সকলৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে ৷

লগতে পঢ়কঃ ভাৰত মহাসাগৰত চকু ৰাখিবলৈ বায়ুসেনাৰ 222 টাইগাৰছাৰ্ক স্কোৱাড্ৰণত ব্ৰাহ্মোচৰ সংযোজন

ABOUT THE AUTHOR

...view details