খানাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত তিনিজনকৈ লোক - পথ দুৰ্ঘটনা
খানাপাৰাত ট্ৰাকৰ খুন্দাত বাগৰি পৰে চিমেণ্ট ভৰ্তি ট্ৰাক,সংকটজনক অৱস্থাত চালক-হেণ্ডিমেনৰ লগতে আন এজন লোক

খানাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত তিনিজনকৈ লোক
গুৱাহাটী, 5মাৰ্চ: সোমবাৰে নিশা খানাপাৰাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ সোণাপুৰৰ পৰা খানাপাৰা অভিমুখে আহি থকা As১১cc৯৪৬৬ নম্বৰৰ চিমেণ্ট ভৰ্তি ট্ৰাক এখনক একে দিশৰ পৰা অহা AS০৯AC ৫৩৮৭ নম্বৰৰ আন এখন ট্ৰাকে পিছফালৰ পৰা খুন্দা মাৰে । যাৰ ফলত ৰাজপথতে বাগৰি পৰে চিমেণ্ট ভৰ্তি ট্ৰাকখন । দুৰ্ঘটনাটোত চালক-হেণ্ডিমেনৰ লগতে আন এজন লোক গুৰুতৰভাৱে আহত হয় । ইতিমধ্যেই আহত লোককেইজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ।
খানাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত তিনিজনকৈ লোক