গুৱাহাটী, 17 এপ্ৰিল: দেশজুৰি অব্যাহত আছে কৰ'ণা ভাইৰাছৰ সন্ত্ৰাস ৷ কৰ'ণা ভাইৰাছক প্ৰতিহত কৰাৰ উদ্দেশ্যে দেশজুৰি চৰকাৰী লক ডাউন বাহাল থকাৰ বাবে মূলত খাদ্য সংকটৰ সন্মুখীন হৈছে একাংশ লোক ৷ কিন্তু এই সংকটৰ সময়তে খাদ্য সংকটত পৰা লোকসকলক সহায়ৰ বাবে আগবাঢ়ি আহিছে গুৱাহাটীৰ শিখ সম্প্ৰদায়ৰ লোকসকল ৷
কৰ'ণা ভাইৰাছৰ সন্ত্ৰাসৰ সময়ত আৰ্তজনৰ কাষত খালছা চেন্টাৰ - Khalsa centre
খাদ্য সংকটত পৰা লোকসকলক সহায়ৰ বাবে আগবাঢ়ি আহিছে গুৱাহাটীৰ শিখ সম্প্ৰদায়ৰ লোকসকল ৷
![কৰ'ণা ভাইৰাছৰ সন্ত্ৰাসৰ সময়ত আৰ্তজনৰ কাষত খালছা চেন্টাৰ Khalsa centre taking good step for needy people during lockdown](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6823989-thumbnail-3x2-p2.jpg)
উল্লখ্য যে যিকোনো দুৰ্যোগ অথবা সংকটৰ সময়ত আন আন সংগঠন সমূহৰ দৰে আৰ্তজনক সহায় কৰি আহিছে খালছা চেন্টাৰে ৷ বানপানীয়েই হওক বা মানৱ জাতিলৈ সংকট কঢ়িয়াই অনা অন্য কোনো দুৰ্যোগেই হওক মানৱ সেৱাৰ বাবে সদায় কাম কৰি আহিছে খালছা চেণ্টাৰে । কৰ'ণা ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰাত সময়ত বিশ্বৰ বিভিন্ন দেশ তথা ভাৰতৰ অন্যান্য ৰাজ্য সমূহৰ লগতে অসমতো ৰাইজৰ বাবে কাম কৰি আহিছে শিখ সকলৰ খালছা চেণ্টাৰে । তলাবন্ধৰ সময়ত মহানগৰীৰ মৰাখালিস্থিত শিখ সম্প্ৰদায়ৰ লোক সকলে প্ৰতিদিনে গুৰুদ্বাৰত খালছা চেণ্টাৰৰ ২০ ৰ পৰা ২৫ জন সদস্যৰ সহযোগত বিভিন্ন প্ৰকাৰৰ খাদ্য ৰান্ধি দুখীয়া শ্ৰেণীৰ ৰাইজৰ লগতে খাদ্য সংগ্ৰহ কৰিবলৈ অক্ষম লোক সকলক যোগান ধৰি আহিছে বিভিন্ন প্ৰকাৰৰ খাদ্য । তেওঁলোকৰ এই মহৎ কাৰ্যত খালছা চেণ্টাৰক বিভিন্ন প্ৰকাৰে সহায় আগবঢ়াই আছে অসম আৰক্ষী আৰু কামৰূপ চেম্বাৰ অ'ফ কমাৰ্চে ৷