গুৱাহাটী,২ নৱেম্বৰ:গুৰুনানকৰ বাণীৰ মহান উদ্দেশ্য আগত ৰাখি গুৱাহাটীৰ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ বাকৰিত আৰ্তজনৰ কাষত মহানগৰীৰ খালচা চেন্টাৰ,নৰ্থ ইষ্ট ৷ উদ্দেশ্য মাথো এটাই, ভোকত থকা ব্যক্তিক এমুঠি খাদ্য যোগান ধৰা ৷ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটত ৰোগীৰ লগত থকা কোনো এজন ব্যক্তিয়ে যাতে দুপৰীয়াৰ সাঁজ উপবাসে থাকিব নালাগে তেনে এক মহান উদ্দেশ্য আগত ৰাখিয়েই প্ৰতি বুধবাৰে লংগৰ বিতৰণ কৰে শিখ সম্প্ৰদায়ৰ এই সকল লোকে ৷ বৰ্তমানলৈকে 38 টা সপ্তাহ সম্পূৰ্ণ কৰা এই লংগৰ ব্যৱস্থাটো গুৱাহাটীত আৰম্ভ হৈছিল 2019 বৰ্ষৰ 13 ফেব্ৰুৱাৰীত ৷
গুৱাহাটীত আৰ্তজনৰ কাষত খালচা চেন্টাৰ নৰ্থ ইষ্ট - Khalsa Centre North-East noble initiavtive at Guwahati
বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটত ৰোগীৰ লগত থকা কোনো এজন ব্যক্তিয়ে যাতে দুপৰীয়াৰ সাঁজ উপবাসে থাকিব নালাগে তেনে এক মহান উদ্দেশ্য আগত ৰাখিয়েই প্ৰতি বুধবাৰে লংগৰ বিতৰণ কৰে শিখ সম্প্ৰদায়ৰ এই সকল লোকে ৷
গুৱাহাটীত আৰ্তজনৰ কাষত খালচা চেন্টাৰ,নৰ্থ ইষ্ট
আৰম্ভণিতে চেন্টাৰটোৱে 500 লোকৰ বাবে অন্ন বিতৰণ কৰিছিল যদিও এতিয়া প্ৰায় 2000 লোকে অন্নৰ বাবে শাৰী পাতে প্ৰতি বুধবাৰে ৷ কেৱল অভাৱী লোকেই নহয় বৰ্তমান ইনষ্টিটিউট খনত শিক্ষা গ্ৰহণ কৰা, কৰ্মচাৰী আৰু প্ৰতিজন ভোকত থকা ব্যক্তিক বিতৰণ কৰিছে লংগৰ ৷ কেৱল লংগৰ বিতৰণেই নহয় স্বচ্ছতাৰ হকেও থিয় দিছে খালচা চেন্টাৰে ৷ প্ৰথমে এবাৰ ব্যৱহৃত পাত্ৰত লংগৰ বিতৰণ কৰিছিল যদিও বৰ্তমান ষ্টীলৰ বাচনত বিতৰণ কৰে লংগৰ ৷ মহানগৰীৰ খালচা চেন্টাৰ নৰ্থ ইষ্টৰ এই পদক্ষেপক এতিয়া প্ৰশংসাৰে উপচাইছে হাজাৰ হাজৰ অভাৱী লোকে ৷