গুৱাহাটী, ১২ জানুৱাৰী: মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত বৃহস্পতিবাৰে জনতা ভৱনত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় (Assam Govt cabinet decisions) । বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেল যোগে অৱগত কৰে মন্ত্রী জয়ন্ত মল্ল বৰুৱাই । আজিৰ কেবিনেটত ৰাজ্যৰ পৰ্যটন ক্ষেত্রৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
সাগৰমালা আঁচনিৰ অধীনত গুৱাহাটীত ব্ৰহ্মপুত্রৰ সমীপত থকা পাঁচটা মন্দিৰ তথা তীৰ্থক্ষেত্রক ৰিভাৰ ক্ৰুজৰ দ্বাৰা সামৰি লোৱা হ'ব । কামাখ্যা, উমানন্দ, অশ্বক্লান্ত, দৌল গোবিন্দ আৰু পাণ্ডুৰ মন্দিৰক সামৰি ফেৰী চলাচল কৰিব (Sagar Mala scheme in Assam) । পৰ্যটকে ৰিভাৰ ক্ৰুজৰ যোগেদি এই পাঁচটা তীৰ্থস্থান ভ্ৰমণ কৰিব পাৰিব । আনহাতে কামাখ্যালৈ যোৱাৰ বাবে ফেৰীঘাটৰ পৰা লিফ্ট সদৃশ উইংচৰ ব্যৱস্থা থাকিব । এই আঁচনিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৫৫ শতাংশ আৰু অসম চৰকাৰে ৪৫ শতাংশ ব্যয় বহন কৰিব । ৰাজ্যৰ পৰ্যটন ক্ষেত্রৰ বাবে এই আঁচনি ডাঙৰ সংযোগ (Key decisions taken by Assam cabinet) ।
আনহাতে, আজিৰ কেবিনেটে স্কিল তথা কাৰিকৰী শিক্ষাৰ ক্ষেত্রত উল্লেখযোগ্য সিদ্ধান্ত গ্ৰহণ কৰে । আই টি আইত অধ্যয়ন কৰা শিক্ষাৰ্থীৰ বাবে ভাল খবৰ লৈ আহিছে আজিৰ কেবিনেটে । আই টি আইৰ পাঠ্যক্ৰমক বিদ্যায়তনিক পাঠ্যক্ৰমৰ সমপৰ্যায়ৰ কৰা হৈছে । ইয়াৰ বাবে আই টি আইৰ পাঠ্যক্ৰমত বিদ্যায়তনিক আন কেতবোৰ পাঠ্যক্ৰমৰ সংযোজন কৰা হ'ব ।
সেই অনুসৰি, অষ্টম শ্ৰেণী উত্তীৰ্ণ হৈ আই টি আইত অধ্যয়ন কৰা শিক্ষাৰ্থীসকল দশম মানৰ সমপৰ্যায়ৰ হ'ব । সেইদৰে দশম শ্ৰেণী উত্তীৰ্ণ হৈ আই টি আইত অধ্যয়ন কৰা শিক্ষাৰ্থী দ্বাদশৰ সমপৰ্যায়ৰ হ'ব । পৰৱৰ্তী সময়ত চৰকাৰে 'ছেবা' আৰু 'কাউন্সিল'ৰ দৰে কাৰিকৰী শিক্ষাৰ বাবে পৃথক ব’ৰ্ড গঠন কৰিব । আই টি আই সমূহক বিদ্যালয়ৰ মৰ্যাদা দিয়া হ'ব (Separate board for Technical Education) ।