গুৱাহাটী, ১৫ ছেপ্টেম্বৰ : শাৰদীয় দুৰ্গোৎসৱ, দীপাৱলী আদিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ স্বাস্থ্য বিভাগে আজি জাৰি কৰিছে নতুন এছ অ' পি । স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই আজি এক সংবাদমেলত এই নতুন এছ অ' পি ঘোষণা কৰে । কি কি আছে নতুন এছ অ' পিত :
◆ দুৰ্গাপূজা, কালীপূজা আদিৰ অনুমতি : জিলা প্ৰশাসনৰ আগতীয়া অনুমতিৰে আৰু ক'ভিড বিধি সম্পূৰ্ণ পালন কৰি আয়োজন কৰিব পাৰিব ।
(১) প্ৰত্যেক জিলা প্ৰশাসনে নিজ নিজ জিলাত নিয়মীয়াকৈ দুৰ্গাপূজা পালন কৰি অহা পূজা কমিটি/আয়োজক সমিতিৰ সৈতে আগতীয়াকৈ বৈঠক অনুষ্ঠিত কৰি পূজা সম্পৰ্কীয় ক'ভিড প্ৰট'কলৰ বিষয়ে অৱগত কৰিব ।
(২) জিলা প্ৰশাসনৰ আগতীয়া অনুমতিৰে আৰু ক'ভিড বিধি সম্পূৰ্ণ পালন কৰি আয়োজন কৰিব পাৰিব । একোখন পূজাত কিমান জনসমাগমৰ সম্ভাৱনা আছে, সেই বিষয়ে আয়োজক সমিতিয়ে অনুমতি বিচৰাৰ সময়তে জিলা প্ৰশাসনক আগতীয়াকৈ আভাষ দিব লাগিব ।
◆ পূজামণ্ডপ-পূজাস্থলীত ল'ব লগা বিশেষ ব্যৱস্থাৱলী :
(১) পূজাস্থলী যথেষ্ট আহল-বহল হ'ব লাগিব আৰু কেউফালৰ পৰা মুকলিমূৰীয়াকৈ ৰাখিব লাগিব । যিকোনো দুগৰাকী লোক/দৰ্শনাৰ্থীৰ মাজত ন্যূনতম শাৰীৰিক ব্যৱধানৰ ক'ভিড বিধি অনুসৰণ কৰিব পৰাকৈ প্ৰতিখন পূজাস্থলী/পূজামণ্ডপত যথেষ্ট ঠাই থাকিব লাগিব ।
(২) পূজাস্থলী/পূজামণ্ডপলৈ প্ৰৱেশ আৰু প্ৰস্থানৰ সুকীয়া ব্যৱস্থা থাকিব লাগিব । প্ৰৱেশ পথৰ পৰা প্ৰস্থানলৈকে উপযুক্ত ফলক (Signage) দৰ্শনাৰ্থীৰ চকুত পৰাকৈ আয়োজকে আঁৰি ৰাখিব লাগিব।
(৩) পূজাস্থলী/পূজামণ্ডপত একে সময়তে মাত্ৰাধিক জনসমাগম হ'বলৈ দিব নোৱাৰিব ৷
(৪) দৰ্শনাৰ্থীয়ে ক'ভিড প্ৰট'কল মানি পূজাস্থলী/পূজামণ্ডপত সুশৃংখলিতভাৱে সোমাব পৰাকৈ আয়োজকসকলে পৰ্যাপ্ত স্বেচ্ছাসেৱক নিয়োজিত কৰিব লাগিব ।
(৫) পূজাস্থলী/মণ্ডপত কোনো লোকৰ শৰীৰত সন্দেহজনক ক'ভিড সংক্ৰমণৰ লক্ষণ পৰিলক্ষিত হ'লে আয়োজক সমিতিয়ে ততালিকে এই বিষয়ে জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ কৰাৰ লগতে সংশ্লিষ্ট লোকজনক নিকটৱৰ্তী ক'ভিড পৰীক্ষা কেন্দ্ৰলৈ স্থানান্তৰিত কৰিব লাগিব ।
◆ আয়োজক, স্বেচ্ছাসেৱক, পূজাৰী, ভক্ত/দৰ্শনাৰ্থীৰ বাবে নিয়মাৱলী :
(১) আয়োজক সমিতিৰ প্ৰতিগৰাকী বিষয়ববীয়া-সদস্য, স্বেচ্ছাসেৱক, পূজাৰীৰ লগতে ভক্ত-দৰ্শনাৰ্থীসকলে কমেও এপালি ক'ভিড প্ৰতিষেধক লোৱা হ'ব লাগিব । এপালিও প্ৰতিষেধক নোলোৱা কোনো লোকেই (বিষয়ববীয়া, স্বেচ্ছাসেৱক, পূজাৰী বা দৰ্শনাৰ্থী) জৰিত হ'ব নোৱাৰিব ।
(২) জিলা প্ৰশাসনে অনুমতি প্ৰদানৰ সময়তে আয়োজক সমিতিৰ পৰা বিষয়ববীয়া-সদস্য, স্বেচ্ছাসেৱক, পূজাৰীয়ে কমেও এপালি ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰাটো Random Checkingৰ দ্বাৰা সুনিশ্চিত কৰিব । অন্যথা অনুমতি দিব নোৱাৰিব ।
(৩) কমেও এপালি ক'ভিড প্ৰতিষেধক লোৱা লোকেহে পূজা দৰ্শনৰ বাবে আহিব পাৰিব । এপালিও প্ৰতিষেধক নোলোৱা ১৮ বছৰৰ ঊৰ্দ্ধৰ কোনো লোকেই পূজামণ্ডপ/পূজাস্থলীত প্ৰৱেশ কৰিব নোৱাৰিব। এইক্ষেত্ৰত ১৮ বছৰৰ তলৰ সকলৰ বাবে ৰেহাই থাকিব ।
(৪) প্ৰতিখন পূজাস্থলী/পূজামণ্ডপৰ প্ৰতিগৰাকী আয়োজক, স্বেচ্ছাসেৱক আৰু পূজাৰীৰ ক্ষেত্ৰত পূজা আৰম্ভণিৰ পূৰ্বে পঞ্চমীৰ দিনা ক'ভিড পৰীক্ষা কৰাটো বাধ্যতামূলক । একাদশীৰ দিনা প্ৰতিমা বিসৰ্জনৰ পাছতো তেওঁলোক প্ৰত্যেকেই পুনৰ ক'ভিড পৰীক্ষা কৰাব লাগিব ।
◆ পূজামণ্ডপৰ ভিতৰভাগ আৰু স্বেচ্ছাসেৱকৰ বাবে নিয়মসমূহ :
(১) আয়োজক/পূজা সমিতিসমূহে ক'ভিড প্ৰতিষেধক লোৱা যথেষ্ট সংখ্যক স্বেচ্ছাসেৱকক মণ্ডপৰ ভিতৰে-বাহিৰে নিয়োজিত কৰিব লাগিব । দৰ্শনাৰ্থীসকলে মাস্ক পৰিধান কৰা, হাত ছেনিটাইজ কৰা আৰু ন্যূনতম শাৰীৰিক ব্যৱধান ৰক্ষা কৰাৰ ক'ভিড বিধি মানি চলাটো স্বেচ্ছাসেৱকসকলে সুনিশ্চিত কৰিব আৰু নিজেও এই বিধি মানি চলিব ।
(২) আয়োজকসকলে অঞ্জলি অৰ্পণ , প্ৰসাদ বিতৰণ, সান্ধ্য আৰতিৰ ক্ষেত্ৰত ক'ভিড প্ৰট'কল ৰক্ষা হোৱাকৈ অতি কম সংখ্যক লোকৰ সৰু সৰু গোটত ভাগ কৰি এনে কাৰ্য সম্পন্ন কৰিব ।
৩) মণ্ডপৰ ভিতৰত দৰ্শনাৰ্থীসকল যাতে একেস্থানতে ৰৈ নাথাকি এটা দিশত আগবাঢ়ি গৈ থাকে, সেয়া স্বেচ্ছাসেৱকৰ জৰিয়তে আয়োজকে নিশ্চিত কৰিব ।
(৪) 'কমেও এপালি ক'ভিড প্ৰতিষেধক লোৱা লোকৰ বাবেহে কেৱল পূজামণ্ডপত প্ৰৱেশৰ অনুমতি' শীৰ্ষক ফলক পূজামণ্ডপসমূহৰ সকলো ফালেই লগাই ৰাখিব লাগিব ।
◆ মাস্ক পৰিধান, হেণ্ড ছেনিটাইজাৰৰ ব্যৱহাৰ :
(১) দৰ্শনাৰ্থী, আয়োজক, স্বেচ্ছাসেৱক সকলোৰে বাবেই মাস্ক পৰিধান বাধ্যতামূলক ।