গুৱাহাটী, ১ জানুৱাৰী: নৱবৰ্ষৰ উপলক্ষ্যে ৰাজ্যবাসীক শুভেচ্ছা জনাইছে অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই । মন্ত্ৰীগৰাকীয়ে নতুন বছৰটোত অগপ নতুন সংকল্পৰে আগবাঢ়িব বুলি সংকল্প লয় । তেওঁ ২০২১ বৰ্ষত যুক্তিৰ আধাৰত বাস্তৱসন্মত দৃষ্টিভংগীৰে অসম গণ পৰিষদ দল ৰাইজৰ মাজত আগবাঢ়ি যাব বুলি আশা ব্যক্ত কৰে ।
বাস্তৱসন্মত দৃষ্টিভংগীৰে নতুন বছৰত আগুৱাব অগপ: কেশৱ মহন্ত
২০২১ বৰ্ষটোৱে সকলোৰে মাজত নতুন আশাৰ বতৰা কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰী কেশৱ মহন্তই ৷
যুক্তিৰ আধাৰত বাস্তৱসন্মত দৃষ্টিভংগীৰে নতুন বছৰত আগুৱাব অগপ: কেশৱ মহন্ত
তেওঁ লগতে ২০২০ বৰ্ষটো প্ৰাকৃতিকভাবে দুৰ্যোগপূৰ্ণ বছৰ আছিল বুলি উল্লেখ কৰি বিশ্ববাসীয়ে এই দুৰ্যোগক প্ৰত্যাহ্বান জনাবলগীয়া হৈছিল বুলি কয় ৷ মন্ত্ৰীগৰাকীয়ে ২০২১ বৰ্ষটোৱে সকলোৰে মাজত নতুন আশাৰ বতৰা কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে ৷
লগতে পঢ়ক:অসমলৈ গোপন সুৰংগ পথেৰে আহে বাংলাদেশী