গুৱাহাটী, ২৭ জুলাই: বিশিষ্ট শিক্ষাবিদ, লেখক, সাংবাদিক ড৹ শিবনাথ বর্মনৰ স্বাস্থ্যৰ সামান্য উন্নতি হৈছে (Health condition of Shivnath Barman improved)।গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত সংকটজনক অৱস্থাত ড৹ বৰ্মনক যোৱা ১০ জুলাইত আই চি ইউত ভৰ্তি কৰা হৈছিল । তেওঁৰ ভেণ্টিলেটৰ খুলি দিয়াৰ পাছত এতিয়া কেবিনত ৰখা হৈছে ।
তেওঁ মধুমেহ, বৃক্কৰ ৰোগৰ লগতে হৃদৰোগতো আক্ৰান্ত হোৱা বুলি চিকিৎসকে সদৰি কৰিছে । তেওঁক হাস্পতালখনৰ বিশেষজ্ঞ চিকিৎসকৰ জৰিয়তে চিকিৎসা সেৱা আগবঢ়াই থকা হৈছে । চিকিৎসকে সদৰি কৰা মতে, বৰ্তমান তেওঁৰ স্বাস্থ্যৰ সামান্য উন্নতি হৈছে যদিও কিছুদিন হাস্পতালত থাকিব লাগিব । উল্লেখ্য যে, আৰ্য মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক পদৰ পৰা অৱসৰ গ্ৰহণ কৰা ড৹ বৰ্মনৰ অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ ভিতৰত ‘শ্ৰীমন্ত শংকৰদেৱ: কৃতি আৰু কৃতিত্ব',‘অসমৰ জনজাতি সমস্যা’, ‘অসমীয়া জীৱনী অভিধান’,‘ভাৰতীয় চিন্তা’ ‘ক্ষুদ্রতম কণাৰ সন্ধানত’ আদি অন্যতম ।