অসম

assam

পদ্মশ্ৰী ডা৹ কুশল কোঁৱৰ শৰ্মালৈ "জীৱনজোৰা সাধনা বঁটা"

By

Published : Feb 28, 2020, 8:31 AM IST

বিগত বহু বছৰ ধৰি বন্যপ্ৰাণীৰ চিকিৎসা আৰু সুৰক্ষা ক্ষেত্ৰত কুশল কোৱঁৰ শৰ্মাই আগবঢ়াই অহা অৱদানৰ বাবেই এই বঁটা প্ৰদান কৰা হয় ।

ডাঃ কুশল কোঁৱৰ শৰ্মা
পদ্মশ্ৰী কুশল কোঁৱৰ শৰ্মালৈ কাজিৰঙা ৱাইল্ড লাইফ ছ’চাইটিৰ "জীৱনজোৰা সাধনা বঁটা"

গুৱাহাটী, 28 ফেব্ৰুৱাৰীঃ পদ্মশ্ৰী সন্মানেৰে বিভূষিত ডাঃ কুশল কোঁৱৰ শৰ্মালৈ কাজিৰঙা ৱাইল্ড লাইফ ছ’চাইটিৰ ২০১৯ বৰ্ষৰ "জীৱনজোৰা সাধনা বঁটা" । হাতীৰ চিকিৎসক হিচাপে খ্যাত কুশল কোঁৱৰ শৰ্মাক বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে কাজিৰঙাৰ ৱাইল্ড লাইফ ছ’চাইটিয়ে এই বঁটা প্ৰদান কৰে গুৱাহাটী প্ৰেছ ক্লাৱত ৷

বিগত বহু বছৰ ধৰি কাজিৰঙাৰ বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত কাজিৰঙাৰ ৱাইল্ড লাইফ ছ’চাইটিয়ে কাম কৰি আছে । কেৱল বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত কাম কৰাই নহয় বন্য প্ৰাণীৰ হকে কাম কৰা বিশেষ একোজন লোকক এই বঁটা প্ৰদান কৰি আহিছে কাজিৰঙাৰ ৱাইল্ড লাইফ ছ’চাইটিয়ে ।

পদ্মশ্ৰী কুশল কোঁৱৰ শৰ্মালৈ কাজিৰঙা ৱাইল্ড লাইফ ছ’চাইটিৰ "জীৱনজোৰা সাধনা বঁটা"

আনহাতে, বিগত বহু বছৰ ধৰি বন্যপ্ৰাণীৰ চিকিৎসা আৰু সুৰক্ষা ক্ষেত্ৰত কুশল কোৱঁৰ শৰ্মাই আগবঢ়াই অহা অৱদানৰ বাবেই এই বঁটা প্ৰদান কৰা হয় । কাজিৰঙা ৱাইল্ড লাইফ ছ’চাইটিৰ ২০১৯ বৰ্ষৰ জীৱনজোৰা সাধনা বঁটা গ্ৰহণ কৰি স্বাভাৱিকতে সুখী ডা৹ কুশল কোঁৱৰ শৰ্মা । তেখেতৰ মতে এই বঁটাই তেওঁক আৰু অধিক উৎসাহেৰে কাম কৰি যোৱাৰ বাবে প্ৰেৰণা যোগাব । লগতে তেওঁ কয় যে, সাম্প্ৰতিক সময়ত হাতী মানুহৰ সংঘাত বাঢ়িবলৈ ধৰিছে ৷ কিন্তু হাতী মানুহৰ সংঘাতৰ মাজতো কাজিৰঙা ৱাইল্ড লাইফ ছ’চাইটিয়ে বন্যপ্ৰাণী ক্ষেত্ৰত বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে গতিকে এই বঁটা এনে অনুষ্ঠানত পৰা গ্ৰহণ কৰি স্বাভাৱিকতে সুখী । ভৱিষ্যত প্ৰজন্মক প্ৰশিক্ষণৰ মাজেৰে পৰিপক্ক কৰি বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত সজাগ কৰাৰ দৰে পৰিকল্পনা কৰা বুলি মন্তব্য আগবঢ়াই কুশল কোঁৱৰ শৰ্মাই ।

উল্লেখ্য যে, ডাঃ কুশল কোঁৱৰ শৰ্মাক পদ্মশ্ৰী সন্মাৰে বিভূষিত কৰাৰ আগতেই কাজিৰঙা ৱাইল্ড লাইফ ছ’চাইটিয়ে আগবঢ়াইছিল জীৱনজোৰা সাধনা বঁটা ৷ কিন্তু অসমত CAA আন্দোলনৰ বাবে জটিল পৰিস্থিতি সৃষ্টি হৈ থকাৰ বাবে এই বঁটা প্ৰদান অনুষ্ঠান পলমকৈ আয়োজন কৰা হয় বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে ।

আৰু পঢ়কঃ পাথাৰকান্দিত চুৰি বাইকসহ আটক দুই গভাইত চোৰ

ABOUT THE AUTHOR

...view details