নিউজ ডেস্ক, 25 জুলাইঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে 24 জুলাইত জনতা ভৱনস্থিত সভাগৃহত বনবিভাগৰ নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰাৰ বাবে দিবা-নৈশ ড্ৰ’ন ,বন্যপ্ৰাণী আৰু মানুহৰ সংঘাতৰ নিৰাময়ত সহায়ক হোৱাকৈ এন্টি ডিপ্ৰিডেশ্যন কুইক ৰেচপন্স বাহন আনুষ্ঠানিক ভাবে উদ্ধোধন কৰে ৷ ইয়াৰ জৰিয়তে আমাৰ বনাঞ্চলৰ আকাশমাৰ্গৰ পৰা নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰি চোৰাং চিকাৰী তথা অবৈধ কাৰ্যকলাপ ৰোধ কৰাত বিশেষ ভাৱে সহায় কৰিব ৷ আনহাতে এই দিবা-নৈশ ড্ৰ’ন জৰিয়তে অসমৰ গাঁৱে-ভূঞে সংঘটিত হৈ থকা হাতী আৰু মানুহৰ সংঘাত নিৰাময় দিশত বিশেষ ভাবে বন বিভাগক সহায় কৰিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে ৷
মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰি কয় যে, একবিংশ শতিকাত তথ্য আৰু প্ৰযুক্তিৰ যুগ ৷ এই তথ্য-পযুক্তিৰ জৰিয়তে বন বিভাগক অধিক শক্তিশালী কৰাৰ বাবে ৰাজ্যৰ বন বিভাগে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে যাতে ইয়াৰ জৰিয়তে বন্যপ্ৰাণী সংৰক্ষণ তথা চোৰাং চিকাৰীৰ কাৰ্যকলাপ ৰোধ কৰিব পৰা যায় ৷ একেখন সভাতে মুখ্যমন্ত্ৰীয়ে কাছাৰ-কৰিমগঞ্জ জিলাক সামৰি থকা বৰাইল বনাঞ্চলৰ বাবে ফৰেষ্ট ডিভিজন এটা স্থাপন কৰাৰ বাবে বন মন্ত্ৰী গৰাকীক নিৰ্দেশ দিয়ে ৷ আনহাতে দিহিং-পাটকাই বন্য প্ৰাণী অভয়াৰণ্যক ৰাষ্ট্ৰীয় অভয়াৰণ্য হিচাপে উন্নীত কৰা আৰু পবা সংৰক্ষিত বনাঞ্চলক অভয়াৰণ্যলৈ উন্নীত কৰাৰ বাবেও ৰাজ্য চৰকাৰে যাবতীয় পদক্ষেপ গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে ৷