গুৱাহাটী, ১৮ জানুবাৰী :ড্ৰাগছ সৰবৰাহকাৰীৰ (home gurds detained drugs paddler in Karimganj) প্রলোভনক অগ্রাহ্য কৰি সততা আৰু নিষ্ঠাৰ পৰিচয় দিছিল দুই গৃহৰক্ষী জোৱানে । কৰিমগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত নিছিন্তপুৰ অঞ্চলৰ সমীপত এখন অল্ট’ বাহনৰ পৰা কেইবা কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল দুই গৃহৰক্ষী জোৱানে (Karimganj home gurds showed honesty in duty) ।
ড্ৰাগছ মাফিয়াই উপঢৌকন হিচাপে দিব বিচৰা কেইবা লাখ টকাৰ লোভত বন্দী নোহোৱা গৃহৰক্ষী জোৱানদ্বয় অনুপম মালাকাৰ আৰু জাছিমুদ্দিনৰ লগতে গাঁওৰক্ষী বাহিনীৰ সম্পাদক অমিয় পালক আজি আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই পঞ্চাশ হাজাৰ টকাকৈ নগদ ধনেৰে পুৰস্কৃত কৰে (DGP awarded honest home guards of Karimganj) ।
তদুপৰি, তেওঁলোকক একোখনকৈ প্রশংসা-পত্ৰও প্ৰদান কৰা হয় । গুৱাহাটীৰ উলুবাৰীস্থ আৰক্ষী সঞ্চালক প্ৰধানৰ মুখ্য কাৰ্যালয়ত তেওঁলোকক পুৰস্কৃত কৰাৰ সময়ত বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান (আইন-শৃংখলা) জি পি সিং, বিশেষ আৰক্ষী সঞ্চালক প্ৰধান (প্রশাসন) হৰমিত সিঙৰ উপৰি আৰক্ষী মহাপৰিদৰ্শক (প্রশাসন) নিতুল গগৈও উপস্থিত থাকে । উল্লেখযোগ্য যে ১৭ জানুৱাৰীৰ পুৱা প্ৰায় ৩.৩০ বজাত কর্তব্য সম্পাদন কৰি থকা অৱস্থাত গৃহৰক্ষী জোৱানদ্বয়ে নিছিন্তপুৰ অঞ্চলৰ সমীপত এ এছ ১০-এ-৬৪৮৭ নম্বৰৰ এখন অল্ট’ বাহনক ৰখিবলৈ সংকেত দিয়ে যদিও চালকে তীব্র বেগেৰে বাহনখন লৈ আঁতৰি যায় (Karimganjs two dedicated home guards awarded) ।