আজাৰা, 28 জুলাই : সমগ্ৰ দেশে 26 জুলাইৰ পৰা সপ্তাহজোৰা কাৰ্গিল বিজয় দিৱস উদযাপন কৰি আহিছে ৷ দেওবাৰৰ দিনাও ভাৰতীয় বায়ুসেনাৰ বৰঝাৰস্থিত ষ্টেচনত উদযাপন কৰা হয় কাৰ্গিল বিজয় দিৱস । পুৱাৰ ভাগতে বায়ুসেনাৰ কৰ্মৰত জোৱান সকলে এই দিৱসৰ উদযাপন কৰে আৰু শিশু তথা জোৱানসকলৰ পত্নীসকলৰ মাজত ৩ কি.মি. আৰু ৭ কি.মি. মাৰাথান দৌৰ অনুষ্ঠিত কৰে ৷ ইয়াৰ পাছতে শ্বহীদ সকলক স্মৰণ কৰা হয় ৷
বৰঝাৰৰ বায়ুসেনা ষ্টেচনত কাৰ্গিল বিজয় দিৱস উদযাপন - মাৰাথান দৌৰ
বৰঝাৰস্থিত বায়ুসেনা ষ্টেচনত কৰ্মৰত জোৱান সকলে কাৰ্গিল বিজয় দিৱস উদযাপন কৰে ৷ শ্বহীদ সকলক স্মৰণ কৰাৰ লগতে মাৰাথান দৌৰ অনুষ্ঠিত কৰা হয় ৷
বৰঝাৰৰ বায়ুসেনা ষ্টেচনত কাৰ্গিল বিজয় দিৱস উদযাপন
তাৰোপৰি, মাৰাথন দৌৰৰ বিজয়ী সকলক বঁটা প্ৰদান কৰা হয় ৷ এই অনুষ্ঠানত উপস্থিত থাকে এয়াৰ কমাণ্ডাৰ ভি. টি. মাৰে আৰু বহুকেইজন উচ্চ পদস্থ বিষয়া ৷