অসম

assam

ETV Bharat / state

Karbi Folk Workshop: নাৰেঙ্গীত কাৰ্বি ভাষাৰ চৰ্চা তথা কাৰ্বি গীত-মাতৰ কৰ্মশালা - Karbi Folk Culture Workshop held in Narangi

ক্ৰমাৎ বিলুপ্তিৰ পথত কাৰ্বি ভাষা । নৱপ্ৰজন্মক কাৰ্বি ভাষা-তথা কাৰ্বি লোক-সংস্কৃতি পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যে মহানগৰীৰ নাৰেঙ্গীত অনুষ্ঠিত কৰা হৈছে বিশেষ কৰ্মশালা(Karbi Folk Culture Workshop held in Narangi) । ৭ জুলাইৰ পৰা ৩০ জুলাইলৈ অনুষ্ঠিত কৰা হৈছে কাৰ্বি ভাষা তথা গীত মাতৰ গ্ৰীষ্মকালীণ কৰ্মশালা ।

karbi language karbi song workshop in narengi
Karbi Folk Workshop: নাৰেঙ্গীত কাৰ্বি ভাষাৰ চৰ্চা তথা কাৰ্বি গীত-মাতৰ কৰ্মশালা

By

Published : Jul 28, 2022, 2:16 PM IST

গুৱাহাটী,২৭ জুলাই:গ্ৰীষ্মবন্ধৰ সময়চোৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে বিভিন্ন বিষয়ৰ কৰ্মশালা(Summer workshops held in different parts of Assam) । সমান্তৰালভাৱে মহানগৰীৰ নাৰেঙ্গীতো আয়োজন কৰা হৈছে এক বিশেষ কৰ্মশালা । কাৰ্বি ভাষা তথা গীত-মাত নৱপ্ৰজন্মক চিনাকী কৰাই দিয়াৰ উদ্দেশ্যে কাৰ্বি দেহাল, ভাষা আৰু সাংস্কৃতিক প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোগত আয়োজন কৰা হয় কৰ্মশালাখনিৰ ।

নাৰেঙ্গী ঔঘুলিত যোৱা ৭ জুলাইৰ পৰা ৩০ জুলাইলৈ অনুষ্ঠিত হৈ আছে কাৰ্বি ভাষা তথা গীত-মাতক লৈ এই গ্ৰীষ্মকালীণ কৰ্মশালা(Karbi Folk Culture Workshop held in Narangi । উঠি অহা প্ৰজন্মই যাতে সময়ত সোঁতত হেৰাই যোৱাৰ উপক্ৰম হোৱা নিজৰ কাৰ্বি ভাষাটো শিকি-বুজি তাক যাতে শুদ্ধ কৈ কোৱাৰ অভ্যাস কৰিব পাৰে তাৰ প্ৰতি লক্ষ ৰাখি অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা এই কৰ্মশালা অনুষ্ঠিত কৰিছে উদ্যোক্তা সকলে ।

Karbi Folk Workshop: নাৰেঙ্গীত কাৰ্বি ভাষাৰ চৰ্চা তথা কাৰ্বি গীত-মাতৰ কৰ্মশালা

কাৰ্বি দেহাল, ভাষা আৰু সাংস্কৃতিক প্ৰশিক্ষণ কেন্দ্ৰৰ সভাপতি সৰ্বেশ্বৰ বে আৰু সম্পাদক ৰাজু ক্ৰই জানিবলৈ দিয়া মতে গুৱাহাটীৰ মহানগৰী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত বসবাস কৰা কাৰ্বি জনগোষ্ঠীটোৰ স্ব-ভাষা আৰু গীত-নৃত্যসমুহ ক্ৰমাৎ হেৰাই যাব ধৰিছে ৷ সেয়ে নৱ প্ৰজন্মই যাতে নিজৰ মাতৃভাষাৰ লগতে কাৰ্বি গীত-নৃত্য সমুহ সঠিক ৰূপত ধৰি ৰাখিব পাৰে সেই উদ্দেশ্যে অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা এই প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে ।

লগতে পঢ়ক:Man killed in train collision: শিৱসাগৰত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত এজনৰ মৃত্যু

For All Latest Updates

ABOUT THE AUTHOR

...view details