অসম

assam

ETV Bharat / state

ভৈয়ামৰ কাৰ্বি সকলৰ দেহাল কাচিৰদম উৎসৱত জীপাল মহানগৰী - দেহাল কাচিৰদাম উৎসৱ

উখল-মাখল পৰিৱেশেৰে উদযাপন কৰা হ’ল ভৈয়ামৰ কাৰ্বিসকলৰ কাচিৰদম উৎসৱৰ ৷ ফাগুনৰ প্ৰথমটো সপ্তাহতে উদযাপন কৰা হয় অসমৰ অন্যতম বাৰেৰহনীয়া জনগোষ্ঠী কাৰ্বিসকলৰ এই উৎসৱ ৷ ভৈয়ামৰ কাৰ্বিসকলে পালন কৰা কিছুমান উৎসৱ আৰু পূজা পাহাৰীয়া অঞ্চলৰ কাৰ্বিসকলে পালন কৰা পৰিলক্ষিত নহয় ৷ ইয়াৰে এক অন্যতম হ’ল দেহাল কাচিৰদাম উৎসৱ ৷

Karbi Festival Kachirdam held in Guwahati
ভৈয়ামৰ কাৰ্বি সকলৰ দেহাল কাচিৰদম উৎসৱত জীপাল মহানগৰী

By

Published : Feb 18, 2020, 7:24 PM IST

গুৱাহাটী, 18 ফেব্ৰুৱাৰীঃ মহানগৰীৰৰ বেহাৰবাৰীত উখল-মাখল পৰিৱেশেৰে উদযাপন কৰা হ’ল ভৈয়ামৰ কাৰ্বিসকলৰ কাচিৰদম উৎসৱৰ ৷ ফাগুনৰ প্ৰথমটো সপ্তাহতে উদযাপন কৰা হয় অসমৰ অন্যতম বাৰেৰহনীয়া জনগোষ্ঠী কাৰ্বিসকলৰ এই উৎসৱ ৷ ভৈয়ামৰ কাৰ্বিসকলে পালন কৰা কিছুমান উৎসৱ আৰু পূজা পাহাৰীয়া অঞ্চলৰ কাৰ্বিসকলে পালন কৰা পৰিলক্ষিত নহয় ৷ ইয়াৰে এক অন্যতম হ’ল দেহাল কাচিৰদাম উৎসৱ ৷ সমাজৰ পৰা অপ্ৰীতি-অমংগল আঁতৰাই সমাজত শান্তি স্থাপনৰ উদ্দেশ্যে ভৈয়ামৰ কাৰ্বিসকলে অতি উলহ-মালহেৰে এই উৎসৱ পালন কৰা দেখিবলৈ পোৱা যায় ৷

ভৈয়ামৰ কাৰ্বি সকলৰ দেহাল কাচিৰদম উৎসৱত জীপাল মহানগৰী

দেহাল পূজাৰেও জনাজাত দেহাল উৎসৱত ভৈয়ামৰ কাৰ্বি জনগোষ্ঠীৰ লোকসকলে তেওঁলোকৰ আৰাধ্য দেৱতাক পূজা অৰ্চনা কৰে ৷ ভৈয়ামৰ কাৰ্বি জনবসতিপূৰ্ণ অঞ্চলসমূহৰ লগতে মহানগৰীৰ বেহাৰবাৰীতো ফাগুনৰ প্ৰথমটো মঙলবাৰ উপলক্ষে অতি উলহ-মালহেৰে উদযাপন কৰা হয় দেহাল পূজা ৷ পুৱাৰ ভাগত অঞ্চলটোৰ ভৈয়ামৰ কাৰ্বি জনগোষ্ঠীৰ লোকসকলে গাঁওবুঢ়াৰ বাসগৃহত উপস্থিত হৈ এক সাংস্কৃতিক শোভাযাত্ৰাৰে তেওঁলোকৰ আৰাধ্য দেৱতাক গাঁওবুঢ়াৰ বাসগৃহৰ পৰা উলিয়াই আনি মন্দিৰত স্থাপন কৰি পূজা-অৰ্চনা কৰে ৷ এই উৎসৱত বলি-বিধান তথা বিভিন্ন কাৰ্বি জনগোষ্ঠীয় গীত-নৃত্যৰ সমাহাৰ ঘটা দেখিবলৈ পোৱা যায় ৷

আৰু পঢ়কঃউত্তৰ গুৱাহাটীবাসীলৈ সুখবৰ! অপেক্ষাৰ অন্ত.....

ABOUT THE AUTHOR

...view details