অসম

assam

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 7:04 PM IST

ETV Bharat / state

মণিপুৰৰ খবৰ ল’বলৈ আহৰি নোহোৱা বুলি প্ৰধানমন্ত্ৰীক কটাক্ষ কানহায়া কুমাৰৰ

Bharat Jodo Nyay Yatra : ভাৰত জোড়ো ন্যায় যাত্ৰা নিৰ্বাচনকেন্দ্ৰিক নহয় ৷ এই মন্তব্য কানহায়া কুমাৰৰ ৷ মণিপুৰত ন্যায় যাত্ৰা আৰম্ভ কৰাৰ কথা কৈ তেওঁ কয় যে মণিপুৰত মাত্ৰ দুখন লোকসভাৰ আসন আছে ৷ গতিকে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ লক্ষ্য নিৰ্বাচন নহয় ৷

Kanhaiya Kumar
গুৱাহাটীত কংগ্ৰেছ নেতা কানহায়া কুমাৰ

গুৱাহাটীত কংগ্ৰেছ নেতা কানহায়া কুমাৰ

গুৱাহাটী, ৯ জানুৱাৰী : কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধীৰ নেতৃত্বত অহা ১৪ জানুৱাৰীৰ পৰা মণিপুৰৰ আৰম্ভ হ'বলগীয়া ভাৰত জোড়ো ন্যায় যাত্ৰা নিৰ্বাচনকেন্দ্ৰিক যাত্ৰা নহয় । এই মন্তব্য কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা কানহায়া কুমাৰৰ ।

গুৱাহাটীত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ উদ্যোগত সোমবাৰে আৰম্ভ হ’বলগীয়া ভাৰত জোড়ো ন্যায় যাত্ৰাৰ পৰিকল্পনা সভাত অংশগ্ৰহণ কৰি কানহায়া কুমাৰে কয় যে এই যাত্ৰা নিৰ্বাচনক লক্ষ্য কৰি কৰা হোৱা নাই । কাৰণ এই যাত্ৰা উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমে মণিপুৰত আৰম্ভ হ’ব । মণিপুৰত লোকসভাৰ মাত্ৰ দুখন আসন আছে ।

তেওঁ কয় যে মণিপুৰৰ সমস্যাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক্স(টুইটাৰ)ত কোনো পোষ্ট নাই । কিন্তু মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন সিঙক জন্মদিনৰ শুভেচ্ছা দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সত পোষ্ট কৰে ।

কানহায়া কুমাৰে কয় যে এই যাত্ৰাৰ এক শক্তি আছে । এই শক্তি সমাজত ন্যায় প্ৰতিষ্ঠা কৰাৰ । ভাৰত জোড়ো যাত্ৰাৰ প্ৰসংগত কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে এই ন্যায় যাত্ৰাত কোনো সমস্যা নহয় । এই যাত্ৰাৰ জৰিয়তে যুৱক-যুৱতী আৰু মহিলাসকলক বাৰ্তা দিয়াই হৈছে মূল লক্ষ্য ।

উল্লেখ্য যে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধীৰ নেতৃত্বত অহা ১৪ জানুৱাৰীৰ পৰা মণিপুৰত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ শুভাৰম্ভ কৰা হ'ব । ৰাহুল গান্ধীৰ নেতৃত্বত ১৮ জানুৱাৰীত অসমত উক্ত যাত্ৰাই প্ৰৱেশ কৰিব ।

ৰাহুল গান্ধীয়ে ২৫ জানুৱাৰীলৈকে অসমত ন্যায় যাত্ৰা অব্যাহত ৰাখিব । উজনি অসমৰ লগতে নামনি অসমৰ মুঠ ১৭ খন জিলাত কৰিব এই যাত্ৰা ।‌ ৰাজ্যৰ কেবাখনো জিলাৰ মাজেৰে ৰাহুল গান্ধীয়ে মুঠ ৮৩৩ কিলোমিটাৰ যাত্ৰা কৰিব ।

লগতে পঢ়ক:অসমৰ 17 খন জিলাৰ মাজেৰে ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰা

ABOUT THE AUTHOR

...view details