গুৱাহাটী,৬ নৱেম্বৰ: বিগত কেইদিন ধৰি অসমত বাহৰ পতা বলীউডৰ মোহময়ী অভিনেত্রী, চলচ্চিত্র নির্মাতা কংগনা ৰাণাৱটে শনিবাৰে নিশা দিছপুৰৰ জনতা ভৱনত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে (Kangana Ranaut meet Assam CM)। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত সৌহার্দমূলক সাক্ষাৎ কৰি অভিনেত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ কাম-কাজক ভূয়সী প্রশংসা কৰে (Kangana appreciated CM Himanta Biswa Sarma) ৷
মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই কংগনা ৰাণাৱটক উষ্ম আদৰণি জনায় (Himanta Biswa Sarma welcome to Kangana)। মুখ্যমন্ত্রীগৰাকীয়ে লগতে তেওঁক অসমত 'ইমাৰজেন্সী' চলচ্চিত্ৰৰ শ্বুটিঙৰ বাবে প্রয়োজনীয় সকলো সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে (Shooting of film Emergency in Assam) । মুখ্যমন্ত্রীক সাক্ষাতৰ পাছত কংগনা ৰাণাৱটে অসম ভ্ৰমণৰ অভিজ্ঞতাৰ কথা ব্যক্ত কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাক প্রশংসা কৰে ।
তেওঁ অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰো উচ্চ প্ৰশংসা কৰে (Kangana appreciated natural beauty of Assam) । অভিনেত্রীগৰাকীয়ে সামাজিক মাধ্যম যোগে অসমৰ প্ৰাকৃতিক সৌন্দৰ্যক ভূয়সী প্ৰশংসা কৰিছে । অসমৰ বোকা-পানীৰ মাজত তেওঁ সময় অতিবাহিত কৰিছে । লগতে তেওঁৰ চলচ্চিত্র 'ইমাৰজেন্সী'ৰ দৃশ্যগ্ৰহণ অসমৰ মনোমোহা স্থানত কৰিলে চলচ্চিত্ৰখনে উচিত ন্যায় পাব বুলি আশা প্রকাশ কৰে ।