অসম

assam

ETV Bharat / state

কনকলতা মহিলা সৱলীকৰণ আঁচনিৰ শুভাৰম্ভণি মুখ্যমন্ত্ৰীৰ - মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

খানাপাৰ পশু চিকিৎসালয় খেলপথাৰত মহিলা সমাৰোহ 2020ৰ অনুষ্ঠিত হয় ৷ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱো এই সমাৰোহত অংশ লয় মুখ্যমন্ত্ৰীকে ধৰি বহুগৰাকীয়ে ৷

Kanaklata asoni launch in Guwahati by CM
কনকলতা মহিলা সৱলীকৰণ আঁচনিৰ শুভাৰম্ভণি মুখ্যমন্ত্ৰীৰ

By

Published : Feb 2, 2020, 2:58 AM IST

গুৱাহাটী, 1 ফেব্ৰুৱাৰীঃ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত খানাপাৰ পশু চিকিৎসালয় খেলপথাৰত অনুষ্ঠিত হয় 2020 বৰ্ষৰ মহিলা সমাৰোহ । মহিলা সমাৰোহ 2020 ৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নৱ কুমাৰ দলে, বিধায়িকা আঙুৰলতাৰ লগতে বহু কেইজন বিধায়ক আৰু বিশিষ্ট ব্যক্তিয়ে । এই মহিলা সমাৰোহত অংশ গৰহণ কৰে প্ৰতিখন জিলাৰ প্ৰত্যেকখন পঞ্চায়তত থকা মহিলা গোট সমূহৰ মহিলাসকলে । এই সমাৰোহত চৰকাৰে মুকলি কৰা কনকলতা মহিলা সৱলীকৰণ আঁচনিৰ বাবে প্ৰতিটো গোট আৰু প্ৰতিগৰাকী মহিলালৈ বিশেষ সেৱা আগবঢ়াইছে অসম চৰকাৰে ৷

কনকলতা মহিলা সৱলীকৰণ আঁচনিৰ শুভাৰম্ভণি মুখ্যমন্ত্ৰীৰ

আনহাতে কনকলতা মহিলা সৱলীকৰণ আঁচনিৰ জৰিয়তে গ্ৰাম্য অঞ্চলৰ মহিলাসকলক আৰ্থিক ক্ষেত্ৰত সবল কৰাৰ লগতে স্বাৱলম্বী হোৱাৰ এক নতুন পথ প্ৰদান কৰাৰ কথা ব্যক্ত কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত কয় যে গাঁও-চহৰ উন্নয়নৰ বাবে মহিলা সৱলীকৰণ বাধ্যতামূলক। বিধবা মহিলা কলৰ বাবে প্ৰতি মাহে 300 টকাৰ সাহায্যৰ কথাও তেওঁ ঘোষণা কৰে । লগতে কন্যা বিবাহৰ বাবে চৰকাৰে প্ৰতিগৰাকী যুৱতীক 30 হাজাৰ টকা দিয়াৰ কথাও প্ৰকাশ কৰে এই মহিলা সমাৰোহত। লগতে মহিলাসকলৰ উন্নয়নৰ বাবে এই চৰকাৰে কাম কৰি যোৱাৰ লগতে মহিলা শক্তি মূল শক্তি বুলিও ভাষণত প্ৰসংগত উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । আনহাতে সমাৰোহৰ শেষত প্ৰতিখন জিলাৰ উন্নয়নমূলক কাৰ্যৰে স্বাৱলম্বী হোৱা একো একোটা গোটক 25 হাজাৰ টকাৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । অসমৰ সৰ্বাংগীন উন্নতিৰ বাবে মহিলাসকলক স্বাৱলম্বীতাৰ পথ মুকলি কৰিবৰ বাবে এনেধৰণৰ আঁচনি ঘোষণা কৰিছে ৰাজ্য চৰকাৰে বুলি মন্তব্য আগবঢ়ায় ।

আৰু পঢ়কঃপেঞ্চনৰ ধনেৰে ৰাইজৰ বাবে পুথিভঁৰাল স্থাপন কৰিছে অৱসৰপ্ৰাপ্ত শিক্ষকে

ABOUT THE AUTHOR

...view details