গুৱাহাটী, ২৭ এপ্ৰিল : পূৰ্ণাংগ ৰূপত অসমত গঠিত হ’ব কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ (Kamatapur Autonomous council going to full fledged) ৷ এফালে পৃথক কমতাপুৰ দাবী কৰা কে এল অ’ৰ জীৱন সিংহৰ গুৰুত্ব কমি অহাৰ লগে লগে শান্তি প্ৰক্ৰিয়া গেঁথেলা মৰাৰ বিপৰীতে দেখা গৈছে যে এতিয়া অসমত কোচ-ৰাজবংশীসকলক লৈ তৎপৰ হৈ পৰিছে অসম চৰকাৰ (KLO demand separate Kamatapur) ৷ অতি সোনকালে পূৰ্ণাংগ ৰূপত কমতাপুৰ গঠন কৰি নিৰ্বাচন অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে ৷ মুঠ ৪ খন জিলাৰ ৩০ টা সমষ্টিৰে গঠন হ’ব পূৰ্ণাংগ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ (Kamatapur Autonomous council) ৷
কমতাপুৰৰ পৰিসীমাত নাথাকিব বিটিআৰ আৰু ৰাভা হাচঙৰ কোনো অঞ্চল । কেনে হ’ব কমতাপুৰৰ পৰিসীমা ? কোনবোৰ অঞ্চলে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদীয় অঞ্চলত স্থান লাভ কৰিব তাৰ পৰিসীমা নিৰ্ধাৰণ কৰাৰ কামতো তৎপৰ হৈ পৰিছে অসম চৰকাৰ ৷ নামনি অসমৰ বঙাইগাঁও, গোৱালপাৰা, ধুবুৰী আৰু দক্ষিণ শালমাৰা এই চাৰিখন জিলাত গঠিত হ’ব কমতাপুৰ স্বায়ত্ত পৰিষদ ৷ ৰাজ্য চৰকাৰে অতি তৎপৰতাৰে কমতাপুৰ পৰিষদীয় এলেকাৰ পৰিসীমা অহা মে’ মাহৰ ভিতৰত নিৰ্ধাৰণ কৰাৰ লক্ষ্য লৈছে ৷ যোৱা ১২ এপ্ৰিলত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বঙাইগাঁৱত বিষুৱা উৎসৱত ভাগ লৈ মন্তব্য কৰিছিল যে ২০২৩ বৰ্ষৰ ভিতৰতে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব (Assam CM on Kamatapur Autonomous Council) ৷
সেইমতেই এতিয়া বঙাইগাঁও, গোৱালপাৰা, ধুবুৰী আৰু দক্ষিণ শালমাৰা এই চাৰিখন জিলাৰ উপায়ুক্তসকলক অহা ৫ মে’ৰ ভিতৰত জনগাঁথনি চাই কমতাপুৰৰ পৰিসীমা নিৰ্ধাৰণ কৰাৰ নিৰ্দেশ দিছে চৰকাৰে ৷ মুখ্যমন্ত্ৰীৰ পাচতেই এই প্ৰসংগত ৰাজ্য চৰকাৰৰ জয়ন্তমল্ল বৰুৱাকে ধৰি একাধিক মন্ত্ৰীয়ে বঙাইগাঁও জিলাৰ লগতে আন তিনিখন জিলাৰ উপায়ুক্তৰ সৈতে বৈঠকত মিলিত হৈছে ৷ ৫০ শতাংশৰো বেছি কোচ-ৰাজবংশী লোক অধ্যুষিত অঞ্চল নিৰ্বাচন কৰি অন্তৰ্গত কৰা হ’ব কমতাপুৰ স্বায়ত্তশাসিত পৰিষদত ৷