ৰঙিয়া, 6 জুলাইঃচৰকাৰে দাবী কৰি অহা বিকশিত অসমৰ বিপৰীতে ৰঙিয়াৰ দোদেতিয়াত দেখা গ'ল বিপৰীত দৃশ্য ৷ কামৰূপ,নলবাৰী আৰু হাজোৰ সীমাত থকা ৰঙিয়াৰ এক অত্যন্ত ভিতৰুৱা অঞ্চল দোদেতিয়াত এখন দলঙৰ বাবে ৰাইজে ভুগিছে যমৰ যাতনা। অঞ্চলটোৰ মাজেৰে বৈ যোৱা নোনা নৈৰ ওপৰত নাই এখন দলং। প্ৰতিবছৰে ৰাইজে গাঠিৰ ধন ভাঙি একোখন বাঁহৰ দলং সাজে যদিও নৈখনৰ বাঢ়নী পানীয়ে উটুৱাই নিয়ে দলঙখন। এইবছৰ কিছুদিন পূৰ্বে দলংখনৰ এটা অংশ নৈৰ পানীয়ে উটুৱাই নিয়াত হাহাকাৰ হৈছে নৈপৰীয়া ৰাইজৰ।
বিকশিত অসমত বাঁহৰ দলং-ৰঙিয়াত উন্নয়ন! - ৰঙিয়াৰ দোদেতিয়া
নোনা নৈৰ ওপৰত নাই এখন দলং। প্ৰতিবছৰে ৰাইজে গাঠিৰ ধন ভাঙি একোখন বাঁহৰ দলং সাজে যদিও নৈখনৰ বাঢ়নী পানীয়ে উটুৱাই নিয়ে দলঙখন। এইবছৰ কিছুদিন পূৰ্বে দলংখনৰ এটা অংশ নৈৰ পানীয়ে উটুৱাই নিয়াত হাহাকাৰ হৈছে নৈপৰীয়া ৰাইজৰ।
নৈখনৰ দুয়ো পাৰৰ প্ৰায় অৰ্ধ শতাধিক গাঁৱৰ কেইবাহাজাৰ লোকৰ যোগাযোগৰ একমাত্ৰ মাধ্যম দলংখন উটি যোৱাত নানান সমস্যাত পৰিছে অঞ্চলটোৰ জনসাধাৰণ। শিশু,মহিলা,বৃদ্ধ,ৰুগীয়া লোকে মৰণক শৰণ কৰি চলাচল কৰিবলৈ বাধ্য হৈছে ভগ্ন দলংখনৰে। দলঙখন নথকাৰ বাবে ৰাইজে প্ৰায় চৌধ্য কিঃমিঃ আতৰেৰে আহি বহিঃজগতৰ লগত যোগাযোগ কৰিব লগীয়া হয়। যাতায়তৰ অসুবিধাৰ বাবে অঞ্চলটোলৈ যিকোনো জৰুৰীকালীন সেৱা গৈ উপস্থিত হ'ব নোৱাৰে। স্কুল কলেজৰ ছাত্র ছাত্ৰীকে ধৰি সকলোৱে হয় বাঁহৰ দলংখনেৰে বা কলৰ ভুৰেৰে বিপদসংকুলভাৱে নৈ পাৰ হৈ আহিছে। দলংখন নিৰ্মাণ কৰাৰ বাবে ৰাইজে বহুবাৰ আবেদন-নিবেদন কৰিছিল যদিও বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিলে। স্বাধীনতাৰ ইমান বছৰৰ পিছতো এখন দলং নথকাৰ বাবে পিছপৰি থকা অঞ্চলটোৰ ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে।
লগতে চাওকঃ অনিৰ্দিষ্ট কাললৈ প্ৰৱেশ নিষেধ তাজমহলত