গুৱাহাটী, 25 নৱেম্বৰ : গুৱাহাটী মহানগৰীত পৰিবন বিভাগৰ অভিযান ৷ চিটি বাছ, মেজিক আদিত যাত্ৰীৰ পৰা অধিক ভাড়া আদায় কৰা আৰু বে-আইনীভাৱে অধিক যাত্ৰী কঢ়িয়াই চলাচল কৰা সম্পৰ্কত কামৰূপ মহানগৰ জিলা পৰিবহন (এনফৰ্চমেণ্ট) বিভাগ (Kamrup Metro District Transport Department)ৰ অব্যাহত আছে অভিযান ।
বৃহস্পতিবাৰে আকস্মিকভাৱে পুনৰ কামৰূপ মহানগৰ জিলা পৰিবহন (এনফৰ্চমেণ্ট) বিভাগ নামিল অভিযানত ৷ বৃহস্পতিবাৰে মহানগৰীৰ ছয়মাইল আৰু চানমাৰিত জিলা পৰিবহন (এনফৰ্চমেণ্ট) বিভাগে হঠাৎ যাত্ৰীৰ পৰা অধিক ভাড়া আদায় কৰি থকা চিটি বাছ আৰু যাত্ৰীবাহী বাহনৰ বিৰুদ্ধে চলাই এই অভিযান ।
এই অভিযানত জিলা পৰিবহন বিভাগে জব্দ কৰে ২৪ খন বাহন ৷ লগতে এই সংক্ৰান্তত অভিযানকাৰী দলটোৱে মুঠ ৩৫টা গোচৰো ৰুজু কৰে । ইপিনে কৰ আদায় নিদিয়াকৈ ৰাজপথত চলি থকা বাহনৰ বিৰুদ্ধে পহিলা ডিচেম্বৰৰ পৰা জিলা পৰিবহন (এনফৰ্চমেণ্ট) বিভাগৰ দ্বাৰা চলিব আন এক বিশেষ অভিযান ।