অসম

assam

কোভিড-19 ৰ নিয়মকলৈ কঠোৰ হ'ব কামৰূপ মহানগৰ জিলা প্ৰশাসন

By

Published : Jun 18, 2020, 10:38 PM IST

কৰ'ণাৰ ভয়াৱহতা আৰু চৰকাৰী নীতি-নিৰ্দেশনা ভৰিৰে মোহাৰি বেলতলাত বজাৰ খুলি ৰখা হয়। গুৱাহাটী পৌৰ নিগমক বিহিত ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিছে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে ।

kamrup metro district administration
kamrup metro district administration

গুৱাহাটী, 19 জুন : বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে এখন সংবাদমেল সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। চেম্বাৰ্চ অৱ কমাৰ্চে পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৫বজালৈ দোকান-পোহাৰ খোলাৰ বাবে দিয়া সিদ্ধান্তই কিছু ক্ষেত্ৰত জিলা প্ৰশাসনক সহায় কৰিব। কৰ'ণাৰ ক্ষেত্ৰত ল'বলগীয়া সতৰ্কতামূলক কাৰ্যসূচী ৰূপায়ণ কৰাত সহায়ক হ'ব।

ক'ভিড-19 ৰ নিয়মকলৈ কঠোৰ হ'ব কামৰূপ মহানগৰ জিলা প্ৰশাসন

তদুপৰি কাৰ্ফিউৰ সময় কোনো সাল-সলনি কৰা নাই বুলি জানিবলৈ দিয়ে জিলা উপায়ুক্তগৰাকীয়ে। ইফালে মহানগৰীৰ পাঞ্জাৱাৰীৰ অজন্তা নাথৰ মৃত্যু সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে। কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা মহিলাগৰাকীৰ দেহত কৰ'ণাৰ উপস্থিতি ধৰা পৰিছিল। এই ক্ষেত্ৰত তৎপৰ হৈছে কামৰূপ মহানগৰ জিলা প্ৰশাসন। মহিলাগৰাকীৰ সংস্পৰ্শলৈ অহা লোকৰ এখন তালিকা প্ৰস্তুত কৰি স্বাস্থ্য পৰীক্ষা কৰোৱাৰ ব্যৱস্থা কৰিছে। আনহাতে কৰ'ণাৰ ভয়াৱহতা আৰু চৰকাৰী নীতি-নিৰ্দেশনা ভৰিৰে মোহাৰি বেলতলাত বজাৰ খুলি ৰখা হয়। যাৰ বাবে অধিক কঠোৰ হৈছে জিলা প্ৰশাসন। গুৱাহাটী পৌৰ নিগমক বিহিত ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিছে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে ।

লগতে পঢ়ক :বৰহোলাৰ জয়ন্ত বৰাৰ মৃত্যুক পৰিকল্পিত হত্যা আখ্যা বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

ABOUT THE AUTHOR

...view details