অসম

assam

ETV Bharat / state

Kushal Konwar: গুৱাহাটীত জিলা প্ৰশাসনৰ উদ্যোগত শ্বহীদ কুশল কোঁৱৰক স্মৰণ - ভাৰত ত্যাগ আন্দোনল

গুৱাহাটীত ভাৰত ত্যাগ আন্দোনলৰ শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে আয়োজন কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ অনুষ্ঠানত সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰে শ্বহীদগৰাকী জনোৱা হয় শ্ৰদ্ধাঞ্জলি ৷

Kushal Konwar
Kushal Konwar

By

Published : Jun 15, 2023, 6:00 PM IST

গুৱাহাটী, 15 জুন: শ্বহীদ কুশল কোঁৱৰৰ পূণ্য স্মৃতি দিৱস উপলক্ষে কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ উদ্যোগত বৃহস্পতিবাৰে পুৱা গুৱাহাটীৰ নেহৰু উদ্যানত থকা শ্বহীদগৰাকীৰ প্ৰতিমূৰ্তিৰ সন্মুখত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় ৷

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা অসম চৰকাৰৰ পৰিৱেশ আৰু বন, এক্ট ইষ্ট পলিচী পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, জিলা আয়ুক্ত পল্লৱ গোপাল ঝা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰনীয়া, শ্বহীদ কুশল কোঁৱৰৰ পৰিয়ালবৰ্গ, কেইবাগৰাকী মুক্তিযুজাঁৰু আৰু উপস্থিত বিশিষ্ট ব্যক্তিসকলে কুশল কোঁৱৰৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পনেৰে শ্ৰদ্ধা নিবেদন কৰে ৷

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

ইয়াৰ পিচতে অনুষ্ঠিত সৰ্বধৰ্ম প্ৰাৰ্থনা সভাত হিন্দু, ইছলাম, বৌদ্ধ, খ্ৰীষ্টান আৰু শিখ ধৰ্মৰ প্ৰাৰ্থনাৰে 42ৰ আন্দোলনৰ শ্বহীদগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰা হয় ৷ অনুষ্ঠানত শ্বহীদ কুশল কোঁৱৰৰ বোৱাৰী যমুনা কোঁৱৰ আৰু উত্তৰ প্ৰদেশৰ পৰা অহা মুক্তি যুজাঁৰু 115 বছৰীয়া স্বামী লেখৰাজীক সম্বৰ্ধনা জনোৱা হয় ৷

মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে তেওঁৰ ভাষণত স্বাধীনতা সংগ্ৰামীসকলৰ অৱদানক কৃতজ্ঞতাৰে স্মৰণ কৰে ৷ 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ কুশল কোঁৱৰৰ বীৰত্ব আৰু ত্যাগে অসমৰ প্ৰতিগৰাকী লোকক দেশৰ প্ৰতি নিঃস্বাৰ্থ সেৱা আগবঢ়াবলৈ অনুপ্ৰাণিত কৰি অহা বুলি তেওঁ মন্তব্য কৰে ৷

অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অহা কেইবাগৰাকীও মুক্তিযুজাঁৰু, মুক্তিযুঁজাৰু পৰিয়ালৰ সদস্য, অসম ৰাজ্যিক মুক্তিযুজাঁৰু সন্মিলনৰ সাধাৰণ সম্পাদক দ্বিজেন্দ্ৰ মোহন শৰ্মা প্ৰমুখ্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷

তথ্য অনুসৰি 1942 চনৰ 10 অক্টোবৰত সংঘটিত সৰুপথাৰৰ ৰে’ল দুৰ্ঘটনাটোৰ দলপতি বুলি কুশল কোঁৱৰক 1942 চনৰ তিনি নৱেম্বৰত গ্ৰেপ্তাৰ কৰা হয় ৷ তেওঁৰ বিৰুদ্ধে বিচাৰ চলিল আৰু দুৰ্ঘটনাৰ প্ৰথমগৰাকী অভিযুক্ত হিচাপে অভিহিত কৰি মৃত্যুদণ্ডৰ হুকুম বিহা হয় ৷

লগতে পঢ়ক:NEP 2020: ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 এ অসমলৈ ব্যাপক পৰিৱৰ্তন আনিব; আশাবাদী মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details