অসম

assam

ETV Bharat / state

India Vs Sri Lanka one day: ১০ জানুৱাৰীত কামৰূপ মহানগৰ জিলাত অৰ্ধ ছুটী ঘোষণা - India Vs Sri Lanka one day

ভাৰত শ্ৰীলংকা এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচৰ বাবে কামৰূপ মহানগৰত 10 জানুৱাৰীত অৰ্ধ ছুটী ঘোষণা জিলা প্ৰশাসনৰ ৷ দিনৰ এক বজাৰ পৰা বন্ধ থাকিব সকলো চৰকাৰী বিদ্যালয় তথা কাৰ্যালয় ৷ খেলৰ বাবে ইতিমধ্যেই সম্পূৰ্ণ সাজু কৰি তোলা হৈছে বৰ্ষাপাৰা ষ্টেডিয়াম ৷

India vs SL T20
ভাৰত-শ্ৰীলংকা এদিনীয়া মেচৰ বাবে ১০ জানুৱাৰীত কামৰূপ মহানগৰ জিলাত অৰ্ধ ছুটি ঘোষণা

By

Published : Jan 8, 2023, 9:10 PM IST

Updated : Jan 9, 2023, 9:23 AM IST

গুৱাহাটী,৮ জানুৱাৰীঃগুৱাহাটী মহানগৰীত এতিয়া ক্ৰিকেটৰ উন্মাদনা । মাজত মাথোঁ আৰু এটা দিন । ভাৰত আৰু শ্ৰীলংকাৰ মাজত 10 জানুৱাৰীত অৰ্থাৎ মঙলবাৰে অনুষ্ঠিত হ’ব এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ (India Vs Sri Lanka one day) ৷ ইতিমধ্যেই খেলৰ বাবে সম্পূৰ্ণ সাজু কৰি তোলা হৈছে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম(Barsapara Cricket Stadium) ৷

ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’ব লগা এই মেচৰ বাবে 10 জানুৱাৰীত কামৰূপ মহানগৰত স্থানীয় অৰ্ধ ছুটীৰ ঘোষণা কৰিছে জিলা প্ৰশাসনে(Half holiday in Guwahati) ৷ কামৰূপ মহানগৰৰ সকলো চৰকাৰী-কাৰ্যালয়, শিক্ষানুষ্ঠান 10 জানুৱাৰীৰ দুপৰীয়া 1 বজাৰ পৰা বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰা হৈছে ৷ উল্লেখ্য যে, দিনৰ ডেৰ বজাৰ পৰা আৰম্ভ হ’ব খেলখন ৷

১০ জানুৱাৰীত কামৰূপ মহানগৰ জিলাত অৰ্ধ ছুটি ঘোষণা

ইতিমধ্যে ঘৰুৱা দলৰ প্ৰায় সংখ্যক খেলুৱৈ গুৱাহাটীত আহি উপস্থিত হৈছে আৰু সম্প্ৰতি হোটেল ৰেডিচন ব্লুত বাহৰ পাতি আছে(Indian Cricket team in Guwahati) ৷ আনহাতে, দেওবাৰে নিশা গুৱাহাটীত উপস্থিত হয় শ্ৰীলংকাৰ দলটো ৷ দেওবাৰে সন্ধিয়া ভাৰতীয় দলৰ খেলুৱৈসকলে বৰ্ষপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুশীলন কৰে ৷ আনহাতে, সোমবাৰে ভাৰত আৰু শ্ৰীলংকা দুয়োটা দলেই পৃথকে পৃথকে অনুশীলন কৰিব বৰ্ষাপাৰা ষ্টেডিয়ামত ৷

ইতিমধ্যে ক্ৰিকেট মেচখনৰ বাবে ষ্টেডিয়ামৰ চৌপাশে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ লগতে জাৰি কৰা হৈছে কেতবোৰ নিৰ্দেশনা(India Vs Sri Lanka one day Match in Guwahati) ৷ সেই অনুসৰি এ কে দেৱ পথেৰে অহা সকলে চম্পাৱতী ফিল্ড, গণেশপাৰা পথ, দাতালপাৰা ফিল্ড, চম্পাৱতী ফিল্ডৰ পৰা গড়চুক তিনিআলি, আমবাৰী ৰঙাপথাৰ ফিল্ড আৰু পি ডব্লিউ ডি, ফটাশিল আমবাৰীত গাড়ী পাৰ্কিং কৰিব পাৰিব ।

ইফালে, এ কে আজাদ ৰোডৰ পৰা অহা দর্শকে লুটুমা ফিল্ড, চাইকেল ফেক্টৰী ফিল্ড, লালগণেশৰ পৰা সাউকুছি ব্ৰীজ, ছানৰাইজ ক্লাব, কলনী বজাৰৰ পৰা বৰ্ষাপাৰা বি এছ এন এল কার্যালয়, ৰুলিং মিল পাৰ্কি ফিল্ড, কালীমন্দিৰ ফিল্ড, কলনী বজাৰ, নিউ পদ্মশ্ৰী ক্লাব ফিল্ড, এছ আৰ চৌধুৰী ফিল্ড আৰু কাহিলিপাৰাত পাৰ্কি কৰিব পাৰিব ।

দৰ্শকৰ বাবে খেল আৰম্ভ হোৱাৰ ৩ ঘণ্টাৰ আগেয়ে গেটসমূহ খোলা হ’ব । খেলখনৰ বাবে ষ্টেডিয়ামত প্ৰৱেশ কৰিবলৈ 7 খন গেট থাকিব । গেট নং 1-বিৰে আমন্ত্ৰিত অতিথিসকলে এ কে আজাদ পথেৰে বৰ্ষাপাৰা তিনিআলি হৈ বৰ্ষাপাৰা ষ্টেডিয়ামত প্ৰৱেশ কৰিব । বাকী 6 খন গেটেৰে দৰ্শকে ষ্টেডিয়ামত সোমাব পাৰিব ।

লগতে পঢ়ক:India Vs Sri Lanka T20: ভাৰত-শ্রীলংকাৰ এদিনীয়ালৈ সাজু বর্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম

Last Updated : Jan 9, 2023, 9:23 AM IST

ABOUT THE AUTHOR

...view details