গুৱাহাটী, ৬ এপ্ৰিল :অহা ৬ এপ্ৰিলত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু (President Draupodi Murmu Assam visit) । আনহাতে, অহা ১৩ এপ্ৰিলত অসম ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Modi Assam visit) । দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ এই আগন্তুক গুৱাহাটী ভ্ৰমণৰ পৰিপেক্ষিতত কামৰূপ মহানগৰত দ্ৰোণ উৰণ নিষিদ্ধ কৰা হৈছে ।
অহা ৬ এপ্ৰিলৰ পৰা ৮ এপ্ৰিললৈ আৰু ১৩ এপ্ৰিলৰ পৰা ১৪ এপ্ৰিললৈ কামৰূপ মহানগৰ জিলাক ড্ৰোণ উৰণ নিষিদ্ধ এলেকা (No Drone Fly Zone) হিচাপে ঘোষণা কৰা হৈছে ৷ এই সন্দৰ্ভত মঙলবাৰে কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশে এক নিৰ্দেশ জাৰি কৰে (Kamrup Metro declared no drone fly zone) ৷
উল্লেখ্য যে দুদিনীয়া কাৰ্যসূচীৰে ৬ এপ্ৰিলত কাজিৰঙালৈ আহিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰোপদী মূৰ্মু । আনহাতে, ৰাষ্ট্ৰপতি হিচাপে দ্ৰৌপদী মুৰ্মুৰ এয়া দ্বিতীয়টো অসম ভ্ৰমণ । ৬ আৰু ৭ এপ্ৰিলত কাজিৰঙাত আয়োজন কৰা গজ মহোৎসৱত অংশগ্ৰহণৰ বাবে অসমলৈ আহিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু (Kaziranga Elephant Festival 2023) । লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ আৰু হাতী ছাফাৰী কৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ মনোমোহা দৃশ্য উপভোগ কৰিব ৰাষ্ট্ৰপতি দ্ৰোপদী মূৰ্মুৱে ।