অসম

assam

গুৱাহাটীত ঋণ প্ৰসাৰ কাৰ্যসূচী সন্দৰ্ভত বেংকৰ বিষয়াৰে উপায়ুক্তৰ বৈঠক

By

Published : Oct 23, 2021, 5:45 PM IST

শুকুৰবাৰে "ঋণ প্ৰসাৰ কাৰ্যসূচী" সন্দৰ্ভত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । উপায়ুক্ত বিশ্বজিত পেগুৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত বেংকসমূহৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে । এই কাৰ্যসূচীৰ অধীনত কৰ'ণাসৃষ্ট পৰিস্থিতিত সংকটত পৰা লোকসকলক বিভিন্ন কল্যাণমূলক আঁচনিৰ জৰিয়তে ঋণ প্ৰদানৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ'ব । ২৭ অক্টোবৰৰ পৰা ঋণ প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব সংশ্লিষ্ট বেংকসমূহে ।

Kamrup metro DC holds meeting with bank personnel
গুৱাহাটীত ঋণ প্ৰসাৰ কাৰ্যসূচী সন্দৰ্ভত বেংকৰ বিষয়াৰে উপায়ুক্তৰ বৈঠক

গুৱাহাটী, ২৩ অক্টোবৰ: সংকটৰ মাজতো ৰাইজলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে ভাৰত চৰকাৰৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগ আৰু বিত্তীয় মন্ত্ৰালয়ে । 'ঋণ প্ৰসাৰ কাৰ্যসূচী'ৰ জৰিয়তে ঋণী গ্ৰাহকক সহায় কৰাৰ এক পৰিকল্পনা যুগুত কৰিছে চৰকাৰে । শুকুৰবাৰে এই সন্দৰ্ভত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন বৈঠক অনুষ্ঠিত হয় । সমাজৰ অৰ্থনৈতিক দিশটো টনকিয়াল কৰাৰ ক্ষেত্ৰত বেংকে ঋণ প্ৰদানৰ জৰিয়তে এক উল্লেখযোগ্য ভূমিকা পালন কৰে ।

কেৱল ব্যৱসায় সম্প্ৰসাৰণৰ ক্ষেত্ৰতে নহয়, কৰ্মসংস্থাপন সৃষ্টিৰ জৰিয়তে ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিকাশতো বেংকৰ এই পদক্ষেপ এক উল্লেখযোগ্য আহিলাৰূপে বিবেচিত হৈ আহিছে । বিগত বৰ্ষৰ পৰাই ক'ভিড-১৯ মহামাৰীৰ বাবে দেশৰ প্ৰায়বোৰ ব্যৱসায়িক প্ৰতিষ্ঠান কম-বেছি পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে । এনে সংকট কালত আত্মনিৰ্ভৰ পেকেজৰ অন্তৰ্গত বিভিন্ন ঋণ আঁচনিৰ যোগেদি এক বৃহৎ সংখ্যক ঋণী গ্ৰাহকক বেংক ব্যৱস্থাই সামৰি লৈছে । বেংকে অধিক সংখ্যক হিতাধিকাৰীক এই আঁচনিসমূহৰ জৰিয়তে উপকৃত কৰাৰ উদ্দেশ্যে ঋণ প্ৰদানৰ বাবে আগবাঢ়ি আহিছে ।

গুৱাহাটীত ঋণ প্ৰসাৰ কাৰ্যসূচী সন্দৰ্ভত বেংকৰ বিষয়াৰে উপায়ুক্তৰ বৈঠক

এই উদ্দেশ্য আগত ৰাখি ভাৰত চৰকাৰৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগ আৰু বিত্তীয় মন্ত্ৰালয়ে এই উৎসৱৰ বতৰতে বেংকসমূহক "ঋণ প্ৰসাৰ কাৰ্যসূচী"ৰ নিৰ্দেশ দিছে । উক্ত নিৰ্দেশনা কাৰ্যকৰী কৰাৰ বাবে নীতি নিৰ্ধাৰণ কৰিবলৈ শুকুৰবাৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিত পেগুৰ অধ্যক্ষতাত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ।

এই বৈঠকত প্ৰায় সকলোবোৰ বেংকৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে । বৈঠকখনত সিদ্ধান্ত লোৱা হয় যে, ২৭ অক্টোবৰত পুৱা দহ বজাৰ পৰা সন্ধিয়া পাঁচ বজাৰ ভিতৰত গুৱাহাটীৰ মাছখোৱাৰ আই টি এ প্ৰেক্ষাগৃহত "ঋণ প্ৰসাৰ কাৰ্যসূচী" ৰূপায়ণ কৰা হ'ব । ৩১ অক্টোবৰ পৰ্যন্ত ৰাজ্যৰ প্ৰতিখন জিলাতে এই কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব । আনহাতে, গুৱাহাটীৰ মাছখোৱাৰ আই টি এ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া কাৰ্যসূচীত কামৰূপ মহানগৰ জিলাৰ অগ্ৰণী বেংক বিষয়াৰ কাৰ্যালয়ৰ সহযোগিতাত কামৰূপ মহানগৰ জিলা প্ৰশাসনে জিলাখনৰ অন্তৰ্ভূক্ত সকলো বেংকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব ।

এই কাৰ্যসূচীৰ অধীনত মূলতঃ ক্ষুদ্ৰ ঋণগ্ৰহীতাসকলক আত্মসহায়ক গোট, প্ৰধানমন্ত্ৰীৰ মুদ্ৰা যোজনা, আত্মনিৰ্ভৰ ভাৰত, পি এম স্ব-নিধি, প্ৰধানমন্ত্ৰীৰ স্ব-নিয়োজন যোজনা আদিকে ধৰি বিভিন্ন কল্যাণমূলক আঁচনিৰ জৰিয়তে ঋণ প্ৰদানৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ'ব । প্ৰতিটো বেংকক উক্ত দিনাৰ কাৰ্যসূচীৰ বাবে নিজাকৈ ঋণ প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হয় । বেংকসমূহৰ ঋণ প্ৰদানৰ ক্ষেত্ৰত ইতিমধ্যে দেখুৱাই অহা পাৰদৰ্শিতা আৰু সক্ৰিয় অংশগ্ৰহণে অতি কমেও ২০০-২৫০ কোটিৰ ঋণ প্ৰদানৰ লগতে অধিক কৰ্মসংস্থাপনৰ ক্ষেত্ৰতো অৰিহণা যোগাব বুলি জিলা উপায়ুক্তগৰাকীয়ে মন্তব্য কৰে ।

:AIUDF ক মুছলমানসকলে সমৰ্থন নকৰে : ৰিপুণ বৰা

ABOUT THE AUTHOR

...view details