অসম

assam

ETV Bharat / state

covid-19 : মহানগৰীত বৃদ্ধি ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা

মহানগৰীত বৃদ্ধি পাইছে ক’ভিড-19 ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ চিন্তিত হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ ৷ যাৰ বাবে মহানগৰীত পুনৰ ক’ভিড পৰীক্ষা বৃদ্ধিত গুৰুত্ব আৰোপ কৰিছে জিলা উপায়ুক্ত পল্লৱ গোপাল ঝায়ে ৷

covid vaccination
মহানগৰীত বৃদ্ধি ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা

By

Published : Nov 16, 2021, 10:18 PM IST

গুৱাহাটী, 16 নৱেম্বৰ :মহানগৰীত পুনৰ বৃদ্ধি পাইছে ক’ভিড-19 ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ যাৰ বাবে কামৰূপ মহানগৰ জিলাত ক’ভিড সংক্ৰমণ হ্ৰাস কৰাৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ ক’ভিড পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰিছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝায়ে । সোমবাৰে কামৰূপ মহানগৰৰ উপায়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাচতে মংগলবাৰে বিয়লি ৪:৩০ বজাত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত স্বাস্থ্য বিভাগৰ বিষয়ববীয়া সকলৰ সৈতে এক বৈঠকত মিলিত হয় ৷

এই বৈঠকত জিলাখনৰ ক’ভিড আৰু ক’ভিড টীকাকৰণ অভিযান সম্পৰ্কেও পৰ্যালোচনা কৰে । জিলাখনৰ প্ৰতিটো জ’নৰ অধীনত সংক্ৰমণৰ হাৰ সৰ্বাধিক স্থানসমূহ অতি শীঘ্ৰে চিনাক্ত কৰি ক’ভিড পৰীক্ষা কৰিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ প্ৰদান কৰে জিলা উপায়ুক্ত গৰাকীয়ে । আনহাতে, ক’ভিড টীকাকৰণ অভিযান অধীক তীব্ৰতৰ কৰিবলৈয়ো তেওঁ স্বাস্থ্য বিভাগক নিৰ্দেশ প্ৰদান কৰে ।

মহানগৰীত ইতিমধ্যে ২২,০৮,৪৩৮ পালি ক’ভিড টীকাকৰণ সম্পূৰ্ণ হৈছে । ইয়াৰে প্ৰথম পালি ১২,৫৭,৯৮১ হোৱাৰ পৰিৱৰ্তে দ্বিতীয় পালি ৯,৫০,৪৫৭ সম্পূৰ্ণ হৈছে । মঙলবাৰে অনুষ্ঠিত হোৱা বৈঠকখনত উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত(টীকাকৰণ) গুণজিৎ ৰয় চৌধুৰী, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ গণেশ শইকীয়া তথা স্বাস্থ্য বিভাগৰ বিষয়া সকল ।

লগতে পঢ়ক :এইবাৰ ক্ৰিকেটাৰৰ ৰূপত ড৹ হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details