গুৱাহাটী,5 ডিচেম্বৰঃ৭ ডিচেম্বৰত অনুষ্ঠিত হ'ব তিৱা স্বায়ত্ত শাসিত পৰিষদৰ ভোট গ্ৰহণ ৷ এই নিৰ্বাচনত কামৰূপ মহানগৰ জিলাৰ অধীনত আছে পৰিষদৰ ৬টাকৈ সমষ্টি । এই সমষ্টিসমূহত মুঠ ১০০টাকৈ ভোটকেন্দ্ৰ আছে । আটাইকেইটা ভোটগ্ৰহণ কেন্দ্ৰকে স্পৰ্শকাতৰ হিচাপে ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে । যাৰ বাবে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ।
তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে প্ৰস্তুত কামৰূপ মহানগৰ জিলা প্ৰশাসন - Twia Autonomous Council Election news
কামৰূপ মহানগৰ জিলাৰ অধীনত থকা তিৱা স্বায়ত্ব শাসিত পৰিষদৰ ৬টাকৈ সমষ্টিক স্পৰ্শকাতৰ ঘোষণা কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ ৷
তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনলৈ প্ৰস্তুত কামৰূপ মহানগৰ জিলা প্ৰশাসন
আনহাতে, ভোট গ্ৰহণৰ দিনটোত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে । ইফালে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ভোটগ্ৰহণৰ বাবে সকলো প্ৰক্ৰিয়া সম্পন্ন কৰি তোলা বুলি জানিবলৈ দিয়ে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুয়ে । কামৰূপ মহানগৰ জিলাৰ অধীনস্থ সমষ্টিৰ বাবে প্ৰায় ২৫গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে । ইতিমধ্যেই নিৰ্বাচনী প্ৰচাৰ কাৰ্য আৰম্ভ হৈছে বুলি জানিবলৈ দিয়ে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে ।