গুৱাহাটী, ১ নৱেম্বৰ :সোমবাৰে প্ৰকাশ পালেকামৰূপ(ম) জিলা খচৰা ভোটাৰ তালিকা । ২০২২ চনৰ জানুৱাৰীলৈ সামৰি কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে ভোটাৰ তালিকাৰ খচৰাৰ প্ৰকাশ কৰে । উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত সংবাদমেল সম্বোধনৰ জৰিয়তে খচৰা ভোটাৰ তালিকা প্ৰকাশৰ কথা ৰাজহুৱা কৰে উপায়ুক্ত গৰাকীয়ে ।
উল্লেখ যে, জালুকবাৰী, পশ্চিম গুৱাহাটী, পূৰ্ব গুৱাহাটী আৰু দিছপুৰ সমষ্টিক সামৰি প্ৰকাশ পোৱা খচৰা ভোটাৰ তালিকাত ওজৰ-আপত্তি থাকিলে পহিলা নৱেম্বৰ পৰা ৩০ নৱেম্বৰ ভিতৰত দাখিল কৰিব লাগিব । বিআইঅ’ জৰিয়তে ওজৰ-আপত্তি কৰিব পাৰিব । তাৰ ভিত্তিত চূড়ান্ত ভোটা তালিকা ২০২২ চনৰ ৫ জানুৱাৰীত প্ৰকাশ পাব ৷
লগতে পঢ়ক :বিৰক্ত জনতা : উপ নিৰ্বাচনে দি গ’ল কিহৰ ইংগিত