অসম

assam

By

Published : Mar 14, 2021, 6:03 PM IST

ETV Bharat / state

যান-বাহন কৰ পৰিশোধৰ অন্তিম দিন ৩১ মাৰ্চ

মহানগৰৰ প্ৰতিগৰাকী সচেতন নাগৰিকৰ লগতে ৰাজ্যৰ প্ৰতিগৰাকী লোককে ৰাজপথৰ সকলো নীতি-নিয়ম মানি চলাৰ উপৰিও যান-বাহনৰ ক্ষেত্ৰত আৰোপ কৰা বকেয়া কৰ আদায় দিবৰ বাবে আহ্বান কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ ৷ যান-বাহনৰ কৰ পৰিশোধৰ বাবে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে ৩১ মাৰ্চ অন্তিম দিন হিচাপে ঘোষণা কৰিছে ৷

যান-বাহন কৰ পৰিশোধৰ অন্তিম দিন ৩১ মাৰ্চ
যান-বাহন কৰ পৰিশোধৰ অন্তিম দিন ৩১ মাৰ্চ

গুৱাহাটী,১৪ মাৰ্চ:কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ দ্বাৰা এক বিশেষ পথ সুৰক্ষা বিষয়ক সজাগতা শিবিৰৰ আয়োজন কৰা হয় ৷ মহানগৰৰ প্ৰতিগৰাকী সচেতন নাগৰিকৰ লগতে ৰাজ্যৰ প্ৰতিগৰাকী লোককে ৰাজপথৰ সকলো নীতি-নিয়ম মানি চলাৰ লগতে যান-বাহনৰ ক্ষেত্ৰত আৰোপ কৰা বকেয়া কৰ আদায় দিবৰ বাবে আহ্বান কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ ৷ ৰাইজৰ সজাগতাৰ বাবে এখনি বাটৰ নাটৰো আয়োজন কৰে কামৰূপ জিলা পৰিবহণ বিভাগে ।

দেওবাৰে গুৱাহাটী মহানগৰীত আয়োজন কৰা পথ সুৰক্ষাৰ সজাগতামূলক কাৰ্যসূচীত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাস, হিমাংশু দাস, জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈকে ধৰি বিভিন্ন ক্ষেত্ৰৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

যান-বাহন কৰ পৰিশোধৰ অন্তিম দিন ৩১ মাৰ্চ

সজাগতা শিবিৰত উপস্থিত থাকি কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে ২০২০-২১ বিত্তীয় বৰ্ষৰ যান-বাহনৰ দিবলগীয়া সকলো কৰ শীঘ্ৰে পৰিশোধ কৰিবলৈ আহ্বান জনায় ৰাইজক । আগন্তুক ১৫ দিনৰ ভিতৰত কৰ পৰিশোধ নকৰিলে অধিক জৰিমনা ভৰিব লাগিব বুলিও সকীয়াই দিয়ে পৰিবহণ বিষয়া গৰাকীয়ে ।

ইফালে ৰাইজৰ সুবিধাৰ্থে কৰ পৰিশোধ কৰাৰ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে । বিভাগৰ কাৰ্যালয়ত বিশেষ কাউণ্টাৰ স্থাপন কৰাৰ লগতে ৰাইজে অনলাইনৰ জৰিয়তেও কৰ পৰিশোধ কৰিব পাৰিব বুলি ঘোষণা কৰে গৌতম দাসে । উল্লেখ্য যে, যান-বাহনৰ কৰ সমূহ পৰিশোধৰ বাবে কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগে ৩১ মাৰ্চ অন্তিম দিন হিচাপে ঘোষণা কৰিছে ৷

লগতে পঢ়ক:যুৱ সমাজৰ পৰামৰ্শ গ্ৰহণ অগপ প্ৰাৰ্থী ৰঞ্জিত ডেকাৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details