গুৱাহাটী, ৯ আগষ্ট :ৰাজ্যত দিনক-দিনে বৃদ্ধি পাইছে গৰমৰ প্ৰকোপ (Sun on the hot Seat in Assam) ৷ প্ৰচণ্ড গৰমৰ বাবে মঙলবাৰে কামৰূপ মহানগৰ জিলা প্ৰশাসন তথা মহানগৰ জিলাৰ বিদ্যালয় পৰিদৰ্শকে মহানগৰৰ বিদ্যালয়মূহক জাৰি কৰিছে এক কঠোৰ নিৰ্দেশ ৷ সেই নিৰ্দেশ অনুসৰি, মহানগৰৰ সকলো বিদ্যালয়য়ে পুৱাৰ প্ৰাৰ্থনা সভা শ্ৰেণীকোঠাৰ ভিতৰত পাতিব লাগিব (Kamrup district administration orders to hold morning prayer meetings inside classroom) ৷
উক্ত জাননীখনত উল্লেখ কৰা মতে, কেৱল চৰকাৰী বিদ্যালয়সমূহেই নহয়, প্ৰচণ্ড গৰমৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰৰ প্ৰাদেশিক, ব্যক্তিগত খণ্ডৰ সকলো বিদ্যালয়ে মানিব লাগিব এই নিয়ম ৷ অকল বিশেষ দিনতহে মুকলি স্থানত প্ৰাৰ্থনা কৰিবলৈ উক্ত জাননীত উল্লেখ কৰা হৈছে ।