গুৱাহাটী, 27 ডিচেম্বৰঃসম্প্ৰতি নিয়ন্ত্ৰণলৈ আহিছে গুৱাহাটী মহানগৰীৰ পৰিৱেশ ৷ এই ভাষ্য কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ ৷
নৱবৰ্ষ উদযাপনঃ কঠোৰ হ'ব মহানগৰ প্ৰশাসন !
৩১ ডিচেম্বৰ আৰু নৱবৰ্ষ পালনৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে । জিলা প্ৰশাসনে তদাৰকী শাখা, পৰিৱহণ বিভাগ, আৰক্ষী বিভাগক লৈ যুটীয়াভৱে গঠন কৰিছে এটা স্কোৱাড টীম ।
৩১ ডিচেম্বৰ আৰু নৱবৰ্ষ পালনৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে । জিলা প্ৰশাসনে তদাৰকী শাখা, পৰিৱহণ বিভাগ, আৰক্ষী বিভাগক লৈ যুটীয়াভৱে গঠন কৰিছে এটা স্কোৱাড টীম । এই স্কোৱাডে নিৰীক্ষণ কৰিব প্ৰতিটো দিশ । বাৰ ৰেষ্টুৰেন্টৰ ক্ষেত্ৰতটো কঠোৰ হ'ব জিলা প্ৰশাসন । অনুমতি থকা বাৰ ৰেষ্টুৰেন্টহে নিশা 12 বজালৈ খোলা থাকিব পাৰিব । অন্যথা ১০ বজাতেই বন্ধ কৰিব লাগিব বাৰ ৰেষ্টুৰেন্টসমূহ । উচ্চ প্ৰাবল্য শব্দ সৃষ্টি কৰিলে প্ৰশাসনে ল'ব বিহিত ব্যৱস্থা । লগতে খেল' ইণ্ডিয়াৰ আৰু ভাৰত শ্ৰীলংকাৰ ক্ৰিকেট খেলৰ বাবেও যাৱতীয় প্ৰস্তুতি চলাইছে প্ৰশাসনে ।
আৰু পঢ়কঃ 100 বছৰীয়া অভিলেখ ভংগ কৰিলে দিল্লীৰ শীতে