অসম

assam

ETV Bharat / state

ক'ভিড বিধি ভংগকাৰীৰ বিৰুদ্ধে সৰৱ মহানগৰ প্ৰশাসন - চক্ৰ বিষয়া

প্ৰশাসনে চলোৱা এই তালাচী অভিযানত নিষেধাজ্ঞা অমান্য কৰা বিভিন্ন লোকৰ বিৰুদ্ধে দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত গোচৰ ৰুজু কৰাৰ উপৰি কেইবাখনো বাহন জব্দ কৰা হৈছে ।

ক'ভিড বিধি ভংগকাৰীৰ বিৰুদ্ধে সৰৱ মহানগৰ প্ৰশাসন
ক'ভিড বিধি ভংগকাৰীৰ বিৰুদ্ধে সৰৱ মহানগৰ প্ৰশাসন

By

Published : May 13, 2021, 10:56 PM IST

গুৱাহাটী, ১৩ মে’ :গুৱাহাটী মহানগৰীত ক’ৰণাৰ সংক্ৰমণ ভয়াৱহ হাৰত বৃদ্ধি পোৱাৰ লগতে মৃতকৰ সংখ্যাও বৃদ্ধি পাইছে । যাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে ক'ভিড বিধি ভংগকাৰীৰ ক্ষেত্রত অধিক কঠোৰ স্থিতি গ্ৰহণ কৰিছে । বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে জিলাখনৰ বিভিন্ন স্থানত উপস্থিত হৈ জনসাধাৰণে ৰাজপথত ক'ভিড বিধিসমূহ ভালদৰে মানি চলিছে নে নাই সেই দিশটো নিজে তদাৰক কৰে । তেওঁ ৰাইজক অতি জৰুৰী নহ’লে ঘৰৰ পৰা ওলাই নাহিবলৈ আহ্বান জনায় ।

ক'ভিড বিধি ভংগকাৰীৰ বিৰুদ্ধে সৰৱ মহানগৰ প্ৰশাসন

জিলা উপায়ুক্তগৰাকীৰ লগতে জিলা উন্নয়ন আয়ুক্ত নিবেদিতা দাস পাটোৱাৰী, অতিৰিক্ত উপায়ুক্ত চিন্ময় নাথ, নৰেন দাস, গুনজিৎ ৰায় চৌধুৰীৰ উপৰি চক্ৰ বিষয়া আৰু সহকাৰী অতিৰিক্ত বিষয়াসকলেও বিগত কেইবাদিন ধৰি বিভিন্ন স্থানত উপস্থিত থাকি যান-বাহন নিৰীক্ষণ কাৰ্যত ব্যস্ত হৈ পৰিছে । প্ৰশাসনে চলোৱা এই তালাচী অভিযানত নিষেধাজ্ঞা অমান্য কৰা বিভিন্ন লোকৰ বিৰুদ্ধে দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত গোচৰ ৰুজু কৰাৰ উপৰি কেইবাখনো বাহন জব্দ কৰা হৈছে । উল্লেখ যে, গুৱাহাটী মহানগৰীত ক'ভিড পৰিস্থিতি ক্ৰমাৎ অধিক জটিল হৈ পৰিছে । বিগত ২৪ ঘণ্টাত কামৰূপ মহানগৰ জিলাত ১,৪৫৬ গৰাকী লোক ক’ৰণাত নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে ২৬ গৰাকীৰ মৃত্যু হৈছে ।

লগতে পঢ়ক :স্থবিৰ নহয় মাজুলীৰ উন্নতি: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details