গুৱাহাটী,১৪ মে' : মঙলবাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় এখনি বিশেষ প্ৰশিক্ষণ শিৱিৰ । ভোট গণনাত নিয়োজিত হ'বলগীয়া মাইক্ৰ'অৱজাৰ্ভাৰসকলক ভোট গণনা সন্দৰ্ভত থকা নিৰ্বাচনী আয়োগৰ নীতি নিৰ্দেশনা সমূহ বিতংভাৱে জনাবৰ বাবে আয়োজন কৰা হয় এই শিৱিৰৰ ।উক্ত প্ৰশিক্ষণ শিৱিৰটো পৰিচালনা কৰে অতিৰিক্ত উপায়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে ।মাইক্ৰ'অৱজাৰ্ভাৰসকলক নিজৰ দায়িত্বসমূহ বিস্তাৰিতভাৱে বুজাই দিয়ে অতিৰিক্ত উপায়ুক্তগৰাকীয়ে ।
কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত বিশেষ প্ৰশিক্ষণ শিৱিৰ - প্ৰশিক্ষণ
ভোট গণনাত নিয়োজিত হ'বলগীয়া মাইক্ৰ'অৱজাৰ্ভাৰসকলক ভোট গণনা সন্দৰ্ভত থকা নিৰ্বাচনী আয়োগৰ নীতি নিৰ্দেশনা সমূহ বিতংভাৱে জনাবৰ বাবে আয়োজন কৰা হয় এই বিশেষ প্ৰশিক্ষণ শিৱিৰৰ ।
কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত বিশেষ প্ৰশিক্ষণ শিৱিৰ
ইফালে অহা ১৫ আৰু ১৭ মে'ত ভোট গণনাত নিয়োজিত হ'বলগীয়া কাউনটিং চুপাৰভাইৰ্জাৰ আৰু কাউনটিং এছিছটেণ্টসকলৰ প্ৰশিক্ষণ প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ'ব গুৱাহাটী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত । মুঠ ১৬০ গৰাকীকৈ চুপাৰভাইৰ্জাৰ আৰু এছিছটেণ্টক প্ৰশিক্ষণ প্ৰদান কৰা হ'ব এই অনুষ্ঠানত ।