গুৱাহাটী, 21 জুলাই:গুৱাহাটী মহানগৰীত দৈনিক বৃদ্ধি হৈছে শিশু শ্ৰমিকৰ সংখ্যা (Increases in child labours in Guwahati) । যি সময়ত চৰকাৰে শিশু শ্ৰমিক ৰোধৰ বাবে বাৰম্বাৰ আহ্বান জনাই আহিছে, তেনে সময়তে মহানগৰীত চাইল্ড লাইন আৰু আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰা হৈছে 7 গৰাকীকৈ শিশু শ্ৰমিক ৷ শ্ৰম বিভাগৰ আয়ুক্তৰ নিৰ্দেশ মৰ্মে কামৰূপ মহানগৰ শিশু শ্ৰমিক টাস্ক ফ’ৰ্চে বৃহস্পিবাৰে নাৰেংগী আৰু চান্দমাৰিত অভিযান চলায় (Kamrup City Child Labour Task Force rescued child labor) ৷
এই অভিযানত নাৰেংগী আৰু চান্দমাৰিৰ বিভিন্ন ব্যৱসায়ী প্ৰতিষ্ঠানত কৰ্মৰত অৱস্থাত 7 গৰাকী শিশু শ্ৰমিকক উদ্ধাৰ কৰে শিশু শ্ৰমিক টাস্ক ফৰ্চে ৷ ইয়াৰ পিছতে দলটোৱে উদ্ধাৰ কৰা কিশোৰ কেইটাক চাইল্ড লাইনক গতাই দিয়ে (7 child labor rescued in Guwahati)৷