কামৰূপ, 27 ফেব্ৰুৱাৰী :নিৰ্বাচনৰ দিন ঘোষণা পিচতে শনিবাৰে সংবাদমেল সম্বোধন কৰি কামৰূপ মহানগৰ জিলা উপায়ুক্ত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে ৷ উপায়ুক্ত বিশ্বজিৎ পেগুৱে কয়, ভোটগ্ৰহণৰ বাবে কামৰূপত নতুন কৈ ৫১৩ টা ভোট কেন্দ্ৰ সাজু কৰা হৈছে। লগতে নতুনকৈ ৬০ টা মহিলা ভোটগ্ৰহণ কেন্দ্ৰ সাজু কৰা হৈছে।
১০০০ তকৈ অধিক ভোটাৰ থাকিলে নতুন কেন্দ্ৰলৈ প্ৰেৰণ কৰিব ভোটাৰ সকলক । ইফালে, নিৰ্বাচন কেন্দ্ৰিক অভিযোগ দাখিলৰ বাবে ফোন নম্বৰ মুকলি কৰিছে প্ৰশাসনে ৷ ফোন নম্বৰ হৈছে - ০৩৬১৩৫১৭৪১২ লগতে টোল ফ্ৰী নম্বৰ ১৯৫০ ৷ উল্লেখ্য যে, জিলা উপায়ুক্তৰ নিৰ্দেশ অনুসৰি ভোটকেন্দ্ৰ সমূহত ক’ভিডৰ সকলো নীতি নিয়ম পালন কৰিব লাগিব ৷