অসম

assam

By

Published : Jun 19, 2023, 6:56 PM IST

ETV Bharat / state

Ambubachi Mela 2023: অম্বুবাচী মেলাক লৈ কামাখ্যা মন্দিৰ পৰিচালনা সমিতিৰ নিৰ্দেশনা

সমাগত মহা অম্বুবাচী মেলা ৷ এইবৰ্ষৰ অম্বুবাচী মেলাত সাল-সলনি হৈছে কিছু নিয়ম ৷ পঢ়ক এই প্ৰতিবেদন ...

Ambubachi Mela 2023
অম্বুবাচী মেলাৰ নীতি-নিয়মত সলনি !

অম্বুবাচী মেলাৰ নীতি-নিয়মত সলনি !

গুৱাহাটী, 19 জুন : বৈকুণ্ঠপুৰীলৈ পৰিণত নীলাচল পাহাৰ ৷ সমাগত মহা অম্বুবাচী মেলা ৷ নীলাচল পাহাৰত থকা কামাখ্যা মন্দিৰত অহা 22 জুনৰ পৰা আৰম্ভ হ’ব অম্বুবাচী মেলা ৷

এই সন্দৰ্ভত সোমবাৰে কামাখ্যা মন্দিৰত অনুষ্ঠিত এক সংবাদমেলত কামাখ্যা মন্দিৰ পৰিচালনা সমিতিৰ বৰ দলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মাই কয় যে, 22 জুনৰ ৰাতি 2.30 মিনিট 42 চেকেণ্ডত অম্বুবাচী প্ৰবৃত্তি হ'ব ৷ 23, 24 আৰু 25 জুনত দেৱালয়ৰ দুৱাৰ বন্ধ থাকিব ৷ 26 জুনত নিবৃত্তিৰ সময়ত পুৱা দেৱী স্নান নিত্য পূজা সমাপনৰ পাছত মন্দিৰৰ দুৱাৰ তীৰ্থযাত্ৰীৰ বাবে মুকলি কৰা হ'ব ৷ অহা 26 জুন আৰু 27 জুনত বিশেষ দৰ্শনৰ (501 টকাৰ) ব্যৱস্থা বন্ধ থাকিব ৷ 26 জুন তাৰিখে ভি. আই. পি./ভি. ভি. আই. পি.ৰ দৰ্শনৰ ব্যৱস্থা নাথাকিব ৷ আগন্তুক অম্বুবাচী মহোৎসৱৰ সময়ত এইবেলি নীলাচল পাহাৰৰ আশে-পাশে তীৰ্থযাত্ৰীৰ থকা-খোৱাৰ ব্যৱস্থা নাথাকিব ৷

লগতে শৰ্মাই উল্লেখ কৰে যে, কোনো ধৰণৰ খাদ্য-সামগ্ৰী বিতৰণ কৰিব নোৱাৰিব ৷ কামাখ্যাৰ নামনিৰ পৰা অহা পদ-পথ সমূহৰ লগতে মটৰ পথছোৱাত মাজে-মাজে চিকিৎসা সেৱা, খোৱাপানী, জিৰণিচ’ৰা, জোতা-চেণ্ডেল ৰখাৰ ব্যৱস্থা থাকিব ৷ এইবাৰ অম্বুবাচীৰ সময়ত যাত্ৰীসকলে মন্দিৰ পৰিক্ৰমাৰ পাচত পূব আৰু পশ্চিম দুৱাৰ হৈ গমন কৰাৰ ব্যৱস্থা থাকিব ৷ আইন শৃংখলাও তীর্থ যাত্ৰীৰ সুৰক্ষাৰ ব্যৱস্থাৰ বাবে দেৱালয়ৰ নিজা 120 জন স্থায়ী সুৰক্ষা কৰ্মী, 500 গৰাকী স্কাউট-গাইড, 400 গৰাকী স্বেচ্ছাসেৱক, 100 জন অস্থায়ী সুৰক্ষা কৰ্মী নিয়োগ কৰা হ'ব ৷

ইয়াৰ উপৰিও দেৱালয়ৰ চৌপাশে 400 চি.চি.টি.ভি. কেমেৰা স্থাপন কৰা হৈছে ৷ দেৱালয়ৰ নিজা 200 গৰাকী চাফাই কৰ্মীৰ উপৰিও 100 জন অস্থায়ী চাফাই কৰ্মী নিয়োগ কৰা হ'ব ৷ ২৬ জুন তাৰিখে দেৱীৰ দৰ্শনৰ বাবে সমবেত হোৱা দর্শনার্থীৰ সুবিধাৰ্থে বংশীবাগানত অস্থায়ী জিৰণিচ’ৰা, চিকিৎসা সেৱা, প্ৰস্বাৱগাৰ, খোৱাপানীৰ ব্যৱস্থা কৰা হৈছে ৷

অম্বুবাচী উপলক্ষে সেৱা আগবঢ়োৱা সংস্থাৰ সদস্যসকলৰ বাবে দেৱালয়ৰ তৰফৰ পৰা খাদ্যৰ ব্যৱস্থা কৰা হৈছে বুলি সংবাদমেলখনত উল্লেখ কৰে ৷ এই বছৰ মালিগাঁৱৰ নিৰ্মীয়মান উৰণ সেঁতুৰ বাবে হোৱা তীব্ৰ যান-জঁট, সুৰক্ষা ব্যৱস্থা আদিৰ প্ৰতি লক্ষ্য ৰাখি নিশা 9 বজা পৰ্যন্তহে ভক্তসকলে নীলাচল পাহাৰত প্ৰৱেশ কৰিব পাৰিব ৷ এই ক্ষেত্ৰত ৰাইজৰ সহায়-সহযোগিতা কামনা কৰে দেৱালয় পৰিচালনা সমিতিয়ে ৷

লগতে যিহেতু দেৱালয়ৰ আশে-পাশে জোতা- চেণ্ডেল ৰখাৰ ব্যৱস্থা নাই, সেয়েহে পৰাপক্ষত সকলোৱে জোতা-চেণ্ডেল নামনিতে ৰাখিহে পাহাৰত প্ৰৱেশ কৰিবলৈ আহ্বান সমিতিৰ ৷ অন্যথা জোতা-চেণ্ডেল ঘূৰাই নোপোৱাৰ বাবে দেৱালয় কর্তৃপক্ষ বা প্ৰশাসন জগৰীয়া নহ'ব ৷

অম্বুবাচীৰ কেইদিনত কামাখ্যাত সমাগম হোৱা প্ৰচণ্ড ভিৰৰ প্ৰতি লক্ষ্য ৰাখি কণ-কণ শিশু, বৃদ্ধ বা অসুস্থ ব্যক্তিক পৰাপক্ষত অহাৰ পৰা বিৰত থাকিবলৈ পৰিচালনা সমিতিয়ে বিনম্ৰভাৱে অনুৰোধ জনায় ৷ যিহেতু নীলাচল পাহাৰ এক ধঁপাত মুক্ত অঞ্চল, সেয়েহে এই ক্ষেত্ৰত সকলো পক্ষৰ সহায়-সহযোগিতা কামনা কৰা হয় ৷ মাদক দ্ৰব্য সেৱন কৰি যাতে কোনোৱে দেৱালয়ত প্ৰৱেশ নকৰে তাৰ বাবে বিশেষভাবে অনুৰোধ জনায় পৰিচালনা সমিতিয়ে ৷

লগতে পঢ়ক:Ambubachi Mela: ২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যাত আৰম্ভ হ’ব অম্বুবাচী মেলা

ABOUT THE AUTHOR

...view details