বাইহাটা চাৰিআলি, 17 ছেপ্তেম্বৰঃএজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি বাইহাটা চাৰিআলিত তীব্ৰ চাঞ্চল্য । কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বড়গাৱৰ ৰাজীব ডেকা নামৰ প্ৰায় ২৫ বছৰীয়া যুৱক জনক হত্য়া কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ সন্দেহ আত্মীয়ৰ । ৰমেন ডেকা নামৰ একে গাঁৱৰে এজন ব্যক্তিৰ বিৰুদ্ধে হত্যাৰ সন্দেহ ৰাজীৱৰ পৰিয়ালৰ ।
ঘটণাৰ বিৱৰণী অনুসৰি, ৰাজীৱ ডেকা নাহৰ যুৱক জনে চুৰি কৰাৰ উদ্দেশ্যেৰে কেইদিনমানৰ পূৰ্ৱে একে গাঁৱৰে ৰমেন ডেকাৰ ঘৰত প্ৰবেশ কৰাৰ অভিযোগ তুলি ৰাজহুৱা বিচাৰ বহিছিল । ৰাজহুৱা বিচাৰৰ মাজতে ৰাজীব ডেকাক উপস্থিত কৰাব লাগে বুলি ৰমেন ডেকাই দাবী জনাইছিল পৰিয়ালক । পৰিয়ালে যদি নোৱাৰে তেতিয়াহলে ৰমেন ডেকাই নিজে বিচাৰি আনি ৰাজীৱক হাজিৰ কৰাব বুলিও উল্লেখ কৰা বুলি সদৰি কৰে ৰাজীৱৰ পৰিয়ালে ৷