গুৱাহাটী, ১৪ মে :শিলচৰৰ সাংসদ আৰু শাসক পক্ষৰ একাংশ নেতাৰ ব্যক্তিগত স্বাৰ্থৰ বাবেই ডলু চাহ বাগিচাত উচ্ছেদ কৰা হৈছে ৷ কাছাৰৰ ডলু চাহ বাগিছাত প্ৰস্তাৱিত গ্ৰীনফিল্ড বিমান বন্দৰ স্থাপনৰ নামত চলোৱা উচ্ছেদক (Eviction in tea garden of Silchar) লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক কমলাক্ষ দে' পুৰকায়স্থই ।
শনিবাৰে, দিছপুৰৰ বিধায়ক আৱাসত এক সংবাদমেল সম্বোধন কৰি কমলাক্ষ দে' পুৰকায়স্থই আৰু কয়- "শিলচৰৰ সাংসদ আৰু শাসক পক্ষৰ একাংশ নেতাৰ ব্যক্তিগত স্বাৰ্থৰ বাবে এই পদক্ষেপ লোৱা হৈছে । গ্ৰীনফিল্ড এয়াৰপ’ৰ্ট (Greenfield Airport in Silchar) হব ভাল কথা,আদৰনি জনাইছো । বাগান দখল কৰাৰ অৰ্থ কি ? কিয় চৰকাৰে বেলেগ ভূমি নিবিচাৰিলে ? ইয়াত বৃহৎ কেলেংকাৰী হৈছে (Alleged scam behind eviction in tea garden of Silchar) । চাহ গছবোৰ কলকাতাৰ এটা কোম্পানীক বিক্ৰী কৰিব ৷ সেইবাবেই বন্ধ হৈ থকা চাহ বাগান নলৈ চলি থকা বাগান দখল কৰিছে ৷"
কংগ্ৰেছ বিধায়কগৰাকীয়ে আৰু কয় যে, কোনো জৰীপ নকৰাকে ডলু বাগান দখল কৰি লোৱা হৈছে । ডলু বাগান লোৱাৰ ফলত তেওঁলোকৰ দুটা লাভ হব ৷ চাহ গছবোৰ বিক্ৰী কৰাৰ লগতে এয়াৰপৰ্ট কৰ্তৃপক্ষৰ পৰাও টকা পাব । বাগানখন উচ্ছেদ কৰাত বাগানৰ কৰ্মীসকলৰ দুৰৱস্থা হৈছে ।