অসম

assam

ETV Bharat / state

পুনৰ চৰ্চালৈ আহিছে কমলাক্ষ দে' পুৰকায়স্থৰ বিজেপি গমনৰ প্ৰসংগ - APCC president Bhupen Bora in Congress meeting

কংগ্রেছ এৰি বিজেপিত যোগদান কৰিব বুলি শেহতীয়াকৈ চর্চালৈ অহা উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক তথা প্রদেশ কংগ্রেছৰ অন্যতম কার্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থ(Kamalakhya Dey Purakayastha) ৰহস্যজনকভাৱে সোমবাৰে উপস্থিত নাছিল কংগ্রেছ বিধায়িনী দলৰ বৈঠকত । বিজেপি নেতা শিলাদিত্য দেৱে(Siladitya Deb)ও বৰাক উপত্যকাৰ প্রদেশ কংগ্রেছৰ এগৰাকী কার্যকৰী সভাপতিয়ে বিজেপি(BJP)ত যোগদানৰ বাবে যোগাযোগ কৰি আছে বুলি সদৰি কৰিছিল । সঁচাকৈয়ে গেৰুৱা বসন পৰিধান কৰিব নেকি কমলাক্ষ দে’ পুৰকায়স্থই ?

Kamalakhya Dey Purakayastha may join BJP
পুনৰ চৰ্চাত কমলাক্ষ দে' পুৰকায়স্থৰ বিজেপি গমনৰ প্ৰসংগ

By

Published : Nov 23, 2021, 6:39 PM IST

গুৱাহাটী, ২৩ নৱেম্বৰ: পুনৰ চৰ্চাত কংগ্ৰেছ(Congress MLA)ৰ বিধায়ক তথা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে' পুৰকায়স্থ(Kamalakhya Dey Purakayastha) । বিজেপি(BHARATIYA JANATA PARTY)ত যোগদান কৰিব নেকি কমলাক্ষ দে' পুৰকায়স্থই ? পূৰ্বেও এই প্ৰসংগ চৰ্চালৈ আহিছিল । অৱশ্যে তেওঁ বাৰম্বাৰ এই কথা অস্বীকাৰ কৰি আহিছে ।

এইবাৰ পুনৰ এই একেটা বিষয়ৰ চৰ্চা হৈছে । উল্লেখ্য যে, সোমবাৰে সন্ধিয়া অসম বিধানসভা চৌহদ(Assam Legislative Assembly Campus)ত কংগ্রেছ বিধায়িনী দলৰ এখন বৈঠক অনুষ্ঠিত হয় । বিৰোধী দলপতি দেৱব্রত শইকীয়া(Leader of Opposition Debabrat Saikia)ৰ লগতে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰা(APCC president Bhupen Bora)ৰ উপস্থিতিত অনুষ্ঠিত বিধায়িনী দলৰ বৈঠকত দলৰ নতুন সদস্যভর্তি অভিযান, আসন্ন পৌৰ নির্বাচন, স্বায়ত্ব শাসিত পৰিষদৰ নির্বাচন আৰু সেই সম্পর্কত দলীয় প্রস্তুতি সম্পর্কত আলোচনা কৰা হয় । তদুপৰি নতুনকৈ কংগ্রেছৰ একাংশ বিধায়কে বিজেপিত যোগদান কৰিব বুলি চলা চর্চা সম্পর্কতো বৈঠকখনত বিশেষভাৱে আলোচনা কৰা হয় ।

দলীয় এক বিশেষ সূত্রই জনোৱা অনুসৰি, বিধায়িনী দলৰ বৈঠকত উপস্থিত থকা বহুকেইগৰাকী বিধায়কে তেওঁলোকে কংগ্রেছ এৰি আন দলত যোগদান নকৰে বুলি স্পষ্ট কৰি দিয়ে ।

মন কৰিবলগীয়া এয়ে যে, অচিৰেই কংগ্রেছ এৰি বিজেপিত যোগদান(Joining in BJP) কৰিব বুলি শেহতীয়াকৈ চর্চালৈ অহা উত্তৰ কৰিমগঞ্জ(North Karimganj) সমষ্টিৰ বিধায়ক তথা প্রদেশ কংগ্রেছৰ অন্যতম কার্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থ বৈঠকত অনুপস্থিত আছিল । আগদিনালৈকে গুৱাহাটীত থকা বিধায়ক পুৰকায়স্থই এই বিধায়িনী বৈঠকত উপস্থিত নথকা বিষয়টোক লৈ ব্যাপক চর্চা চলিছে । উল্লেখ্য যে, কেইদিনমান পূর্বে হোজাই সমষ্টিৰ প্রাক্তন বিধায়ক তথা বিজেপি নেতা শিলাদিত্য দেৱে সংবাদ মাধ্যমৰ আগত কমলাক্ষ দে’ পুৰকায়স্থৰ নাম উল্লেখ নকৰাকৈ বৰাক উপত্যকাৰ প্রদেশ কংগ্রেছৰ এগৰাকী কার্যকৰী সভাপতিয়ে বিজেপিত যোগদানৰ বাবে যোগাযোগ কৰি আছে বুলি প্রকাশ কৰিছিল ।

বর্তমান প্রদেশ কংগ্রেছত থকা তিনিগৰাকী কার্যকৰী সভাপতিৰ ভিতৰত বৰাক উপত্যকাৰ পৰা একমাত্র কমলাক্ষ দে’ পুৰকায়স্থই আছে । এনে অৱস্থাত শিলাদিত্য দেৱে যে কমলাক্ষ দে' পুৰকায়স্থৰ কথাই কৈছে সেয়া স্পষ্ট হৈ পৰিছে । ইফালে, বিধায়িনী দলৰ বৈঠকখনত পুৰকায়স্থ উপস্থিত নথকাটোৱে অধিক ৰহস্যৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক:জালুকবাৰী সমষ্টিৰ প্ৰয়াত সমাজকৰ্মী সকলৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details